
জাগুনঃ যোৱা কেইবাটাও দিন ধৰি তিনিচুকীয়া জিলাৰ জাগুনৰ কঠাচেমা অঞ্চলত এটি বনৰীয়া হাতীৰ জাকে থিতাপি লৈ অহাত ৰাইজ আতংকিত হৈ পৰিছে৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে দিনৰ দিনটো জংঘলত থাকে যদিও বেলি ডুবাৰ লগে লগে জনাঞ্চললৈ ৰাওনা হয়৷ ইতিমধ্যে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি-সাধন কৰিছে হাতীৰ জাকটোৱে৷
বন বিভাগে হাতীৰ জাকটোক খেদি পঠোৱাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বনৰীয়া হাতীৰ তাণ্ডৱে ৰাইজক আতংকিত কৰি ৰাখিছে তিনিচুকীয়া জিলাৰ জাগুনৰ কঠাচেমা অঞ্চলত৷ শুকুৰবাৰে নিশা হাতীৰ জাকটোৱে দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি কেইবাটাও পৰিয়ালক গৃহ হাৰা কৰে।
গৃহহাৰা লোকসকলৰ প্ৰশাসনে তথা বন বিভাগে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হয়৷ খাটিখোৱা লোকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা স্থানীয় প্ৰশাসন-বিধায়কে পৰিয়াল সমূহৰ খবৰ নোলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ নিশা প্রায় ৯ বজাৰ পৰা ৪বজালৈ গজৰাজে গাঁও খনত তাণ্ডৱ চলায়। ৭টা পৰিয়ালৰ বাসগৃহ, এখন দোকান বিনষ্ট কৰাৰ লগতে ভঁৰালৰ ধান খায় তহিলং কৰে। বনাঞ্চল সমূহ ধ্বংস হোৱাৰ ফলতেই খাদ্যৰ সন্ধানত এনেদৰে বন্য প্রাণী জনাঞ্চললৈ ওলাই আহিবলৈ আৰম্ভ কৰিছে৷