21
Jun
2017

কামপুৰঃ ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। কিন্তু বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগা হৈছে জনসাধাৰণে।
কেইবাদিন ধৰি নগাঁৱৰ কঠিয়াতলী বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকে জনাৰণ্যলৈ আহি বহু বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ পাছত নিশা কঠিয়াতলীৰ শগুণবাহীত পুনৰ বনৰীয়া হাতীৰ আগমণ ঘটে।
পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও বাসগৃহ। অাতংকিত গাঁওবাসীয়ে খবৰ দিয়াৰ পাছতো হাতী খেদিবলৈ নোযোৱাত ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী।
বৰ্তমানো মুক্ত বিচৰণ কৰি থকা বন্যহস্তীৰ জাকটো খেদি পঠাবলৈ শীঘ্ৰে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নহ’লে বন বিষয়াক হত্যাৰো ভাবুকি দিয়ে উত্তেজিত ৰাইজে।
ইফালে ৰাইজৰ আহ্বানক গুৰুত্ব নিদি গোপতে গঙাটোপ হৈ বহি থকাৰ অভিযোগ কঠিয়াতলী আঞ্চলিক বন বিষয়া আব্দুল ৰৌফৰ বিৰুদ্ধে।