ডিজিটেল ডেস্কঃ গোমাংস কঢ়িওৱাৰ সন্দেহতে মথুৰা ৰেলত ভ্ৰমণ কৰা এজন লোকে প্ৰাণ হেৰুৱাবলগা হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।  

গোমাংস কঢ়িওৱাৰ সন্দেহতে দুই ভাতৃসহ এজন লোকক চুৰিকাঘাত কৰে একেখন ৰেলৰে যাত্ৰীয়ে। ঘটনাত এজনে প্ৰাণ হেৰুওৱাৰ লগতে আন দুজনো আঘাতপ্ৰাপ্ত হৈছে। 

আৰক্ষীৰ সূ্ত্ৰত প্ৰকাশ পোৱা মতে বৃহস্পতিবাৰে আবেলি হাৰিয়ানাৰ বল্লভগড় নিবাসী তিনিজন লোকে ঈদ উপলক্ষে দিল্লীৰ টোঘলকবাদত বজাৰ কৰি মথুৰা ৰেলত ঘৰমুৱা হৈছিল। 

সহযাত্ৰীৰ সৈতে হোৱা বাক-বিতণ্ডাই শেষত মাৰ-পিটৰ ৰূপ লয়। চুৰাকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা তিনিওজনকে হস্পিতাললৈ লৈ যোৱা হয় যদিও আদবাটতে এজনৰ মৃত্যু হয়।