ডিফুঃ কাৰ্বি আংলং জিলা আৰক্ষীৰ তৎপৰতাত অপহৰণকাৰীৰ কবলৰ পৰা এজন ব্যৱসায়ী উদ্বাৰ হোৱা ঘটনাই ডিফু চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত বাতৰি মতে,  ৮ জুলাইৰ নিশা ডিফু চহৰৰ ৰংখেলানৰ ওচৰত জিলা আৰক্ষী অধীক্ষক ডঃ শিৱ প্ৰসাদ গাঞ্জালাৰ নেতৃত্বত আৰু উপ আৰক্ষী অধীক্ষক (প্ৰবেচনাৰী) মোজাফ্ফৰ হুছেইনে তৎপৰতাৰে অপহৃত হেমলাল কুমাৰক অপহৰণকাৰীৰ কবলৰ পৰা উদ্বাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, যোৱা ৫ জুলাইত ডিফুৰ চেৰলাংজঙৰ নিজ গৃহৰ পৰা এদল দুৰ্বৃত্তই বন্দুক দেখুৱাই ব্যৱসায়ী হেমলালক অপহৰণ কৰি পৰিয়ালৰ লোকৰ পৰা হেমলালৰ মুক্তিৰ বাবে ৩০ লাখ টকাৰ মুক্তিপণ দাবী কৰে ৷ এইমৰ্মে আৰক্ষীয়ে পৰিকল্পিত আঁচনিৰে ডিফু চহৰৰ নাতি দূৰৈৰ ৰংখেলানত অভিযান চলাওতে আৰক্ষীৰে অপহৰণকাৰী দলটোৰ সংঘৰ্ষ হয় ৷

অাৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত তিষ্ঠিব নোৱাৰি ঘটনাস্থলীৰ পৰা হেমলালক এৰি থৈ অপহৰণকাৰী দলটোৱে পলায়ন কৰে৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা অপহৃত হেমলাল কুমাৰক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ লগতে এটা পিষ্টল আৰু মোবাইল ফোন উদ্ধাৰ কৰে৷

অপহৰণকাৰী দলটোক কৰায়ত্ত কৰিবলৈ তদন্ত অব্যাহত ৰখা বুলি আৰক্ষীয়ে মন্তব্য কৰাৰ লগতে তদন্তৰ খাতিৰত অপহৰণকাৰীৰ সবিশেষ ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে৷ উগ্ৰপন্থীৰ বিচৰণস্থলী ৰূপে পৰিচিত কাৰ্বি ভূমিত ধনদাবী, হত্যা আৰু অপহৰণৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পিছত পুনৰ এনে কাৰ্য সংঘটিত হ'বলৈ ধৰাত সচেতন মহল উদ্বিগ্ন হৈ পৰিছে ৷