ডিজিটেল ডেস্কঃ দুৰ্নীতি নহয়, স্বচ্ছ ভাৰত অভিযানত লাগিল তেজৰ দাগ। এই ঘটনা ৰাজস্থানৰ প্ৰতাপগড়ৰ। অঞ্চলটোত স্বচ্ছ ভাৰত অভিযানৰ কৰ্মীৰ প্ৰহাৰত মৃত্যুক সাৱতি লয় এজন চি পি এম কৰ্মীয়ে।

মুকলি ঠাইত শৌচ কৰিবলৈ যোৱা মহিলাৰ ফটো তোলাৰ চেষ্টা চলাইছিল পৌৰসভাৰ কেবাজনো ছেনিটেশ্যন কৰ্মীয়ে। ফটো তোলাত বাধা দিবলৈ গৈয়েই মাৰধৰৰ সন্মুখীন হয় ৫৫ বৰ্ষীয় জাফৰ খান নামৰ লোকজন। 
কৰ্মীকেইজনৰ প্ৰহাৰত আহত হৈ কিছুসময় পিছতে মৃত্যুমুখত পৰে জাফৰ। ঘটনা সন্দৰ্ভত ৬ জন স্বচ্ছ ভাৰত অভিযানৰ সৈতে জড়িত কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণী মতে, প্ৰতাপগড়ৰ কাচ্চি বস্তিৰ কেবাগৰাকী মহিলাই আন দিনাৰ দৰে যোৱা শুকুৰবাৰেও নিচেই পুৱাতে ৰেলপথৰ দাঁতিত শৌচ কৰিবলৈ গৈছিল। সেই সময়তে তেওঁলোকক বাধা প্ৰদান কৰে স্বচ্ছ ভাৰত অভিযানৰ সৈতে জড়িত পৌৰসভাৰ কৰ্মচাৰী কেইগৰাকীমানে।

স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে কৈ মহিলাকেইগৰাকীক মুকলি ঠাইত শৌচ নকৰিবলৈ কয়। অন্যাথাই শৌচ কৰি থকা অৱস্থাত মহিলাকেইগৰাকীৰ ফটো তোলা হ’ব বুলিও ভাবুকি প্ৰদান কৰে কৰ্মচাৰীকেইজনে। তেনেতে উক্ত স্থানত উপস্থিত হয় ঘটনাৰ বুজ লয় জাফৰ খানে। কৰ্মচাৰীকেইজনে শৌচ কৰি থকা মহিলাৰ ফটো তুলিবলৈ ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে জাফৰে।

ঘৰত এতিয়াও শৌচালয় নিৰ্মাণ কৰিব নোৱৰা বাবেই মুকলি ঠাইত মহিোকেইগৰাকীয়ে শৌচ কৰিবলৈ বাধ্য বুলিও বুজাবলৈ চেষ্টা কৰে জাফৰে। চৰকাৰে নিৰ্মাণ কৰি দিয়া ৰাজহুৱা শৌচাগাৰটো জহি-খহি গৈছে যদিও মেৰামতিৰ কোনো ব্যৱস্থা কৰা হোৱা নাই বুলি কৈ ফটো তোলাতকৈ মহিলাকেইগৰাকীৰ ঘৰত শৌচাগাৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈকো পৰামৰ্শ আগবঢ়ায় জাফৰে।

ইয়াতে ক্ষুব্ধ হৈ পৰে স্বচ্ছ ভাৰতৰ বীৰ সেনানীকেইজন। লগে লগে কৰ্মচাৰীকেইজনে হিংস্ৰ বাঘৰ দৰে জাফৰৰ ওপৰত জপিয়াই পৰে। কৰ্মচাৰীকেইজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জাফৰ। পিছত স্থানীয় লোকসকলে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে প্ৰতাপগড়ৰ কাচ্চি বস্তি অঞ্চল৷

স্থানীয় লোকসকলে স্বচ্ছ ভাৰত অভিযানৰ কৰ্মীৰ এনে ঘৃণনীয় কাৰ্যৰ প্ৰতিবাদ জনাই কেবাঘণ্টা ধৰি ১১২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে৷ পিছত আৰক্ষীয়ে ৬জনকৈ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নিহত জাফৰৰ পৰিয়ালক ৪লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতহে ক্ষান্ত হয় প্ৰতিবাদী ৰাইজ৷