আমগুৰিঃ ৰাজ্যত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে আজিও তাণ্ডৱ অব্যাহত ৰাজ্যৰ ৰাখিছে কাইবাখনো জিলাত। তাৰ মাজতে অসম-নগালেণ্ড সীমান্তৰ আমগুৰিৰ হালোৱাটিঙৰ কপাহতলি মিচিং গাঁৱত শনিবাৰে নাশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই।

পাহাৰৰ পৰা নামি অহা এঠি হাতীৰ জাকে নিশাৰ এন্ধাৰত কেইবাটাও পৰিয়ালৰ ধান-চাউল খাই তহিলং কৰাৰ লগতে ভাঙি থৈ যায় কেইবাটাও বাসগৃহ। বনৰীয়া হাতীৰ জাকটোৱে জয়ন্ত নাথ, তনুশ্যাম মেছ আৰু দুতিৰাম পায়েং নামৰ তিনিজনকৈ লোকৰ ভড়ালৰ ধান-চাউল খাই তহিলং কৰি তেওঁলোকৰ ঘৰবোৰো ভাঙি থৈ যায়।

বন বিভাগৰ হালোৱাটিং কাৰ্যালয়ৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দুৰত বনৰীয়া হাতীয়ে তাণ্ডৱ চলোৱাৰ পাছতো বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হয়। ৰাইজে হাতীৰ জাকটোক খেদিবলৈ জুই জ্বলোৱাৰ লগতে টিভহক কোবাই যদিও সকলো আওকাণ কৰি ঘৰ-বাৰী ভাঙি নিৰ্বিঘ্নে আতৰি যায় হাতীৰ জাকটো। প্ৰতি বছৰে বাঘ, হাতী আদিয়ে সীমান্তৱৰ্তী এই অঞ্চলত উপদ্ৰৱ চলাই ধন-জনৰ ব্যাপক ক্ষতি কৰি আহিছে যদিও কেইটামান ফটকা ফুটাই দায়িত্ব সামৰে বন বিভাগে।