গোৱালপাৰাঃ গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকৰ উপদ্ৰৱত ব্যাপক সমস্যাত পৰিছে গোৱালপাৰা জিলাৰ ভিন্ন প্ৰান্তৰ লোক৷ 

বিগত সময়ছোৱাত বন্যহস্তীয়ে জিলাখনৰ বিভিন্ন ঠাইত উপদ্ৰৱ চলাই মানুহৰ ঘৰ দুৱাৰ ভঙাৰ লগতে খেতি পথাৰৰ অনিষ্ট কৰে৷ বন্যহস্তীৰ আক্ৰমণত কেইবাগৰাকী লোক নিহত হৈছে ৷

জিলাখনৰ পঞ্চৰত্ন পাহাৰ আৰু দহিকটা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ থকা বন্যহস্তীৰ দুটা জাকে নিশা হ'লেই উপকণ্ঠ অঞ্চলসমূহত উপদ্ৰৱ চলাই আতংকৰ সৃষ্টি কৰিছে৷

পঞ্চৰত্ন পাহাৰত আশ্ৰয় লৈ বন্যহস্তীৰ জাকটোৱে কুমৰি, খাৰবোজা, গোবিন্দপুৰ, মাকৰি, কাৰবলা, ৰঙাগঢ়া,হুৰকাকুচী,বাংলাপাৰা আদি অঞ্চলত উপদ্ৰৱ চলোৱাৰ লগতে  দহিকটা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ থকা বন্যহস্তীৰ জাকটোৱে দগিকটা, হাৰিমুৰা, ৰাক্ষ্যসিনী, ঢোপতলা, বুধিপাৰা, ফুতৰ পাৰা, নিশ্চিন্তা আদি অঞ্চলত উপদ্ৰৱ চলাই ব্যপক ক্ষতিসাধন কৰে৷

আজি পুৱা ৯ বজাত বনাঞ্চলৰ পৰা হাতীৰ জাক এটা ওলাই আহি আগিয়াৰ দৰাপাৰাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ জনাঞ্চলত প্ৰবেশ কৰাত আতংকৰ সৃষ্টি হৈছে আগিয়াত৷