
বঢ়মপুৰঃ আজিও ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ ভাঙি মানুহৰ প্ৰাণ লৈ আতংকৰ সৃষ্টি কৰি অহাৰ সময়তে আজি দিন দুপৰতে নগাঁও জিলাৰ চামগুৰিৰ চলচলিত হাতীৰ জাকে থিতাপি লোৱাত আতংকৰ সৃষ্টি হয়৷
নগাওঁ-কাৰ্বি আংলং সীমান্তৱৰ্তী বঢ়মপুৰ বামুনীত বিগত এসপ্তাহ ধৰি হাতীয়ে সন্ত্ৰাস চলাই আহিছে৷ বনৰীয়া হাতীৰ জাক এটিয়ে সোমবাৰে পুৱাই চলচলিৰ ৰামটিলাআটিত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰে। বন্যহস্তীৰ জাকটোৱে দিনৰ ভাগত গাঁওখনৰ সমীপৰ মুকলি ঠাইতে অৱস্থান গ্ৰহণ কৰাক লৈ শংকিত হৈ পৰিছে লোকসকল।
বন্যহস্তীৰ জাকটোৱে দেওবাৰে বামুনীত দুলাল হাজৰিকা নামৰ বন বিষয়াগৰাকীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। ইমানৰ পিছতো শালনা আঞ্চলিক বন বিষয়াৰ লগতে চাপানালা খণ্ড বন বিষয়াই হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷