
ডিজিটেল ডেক্সঃ গুৰপ্ৰীত সিঙৰ মানি বেগটো কেতিয়া পকেটৰ পৰা পৰিল গমেই নাপালে৷ দিল্লীৰ মেট্ৰ’ত পৰে গুৰপ্ৰীতৰ মানি বেগটো৷ যোৱা ১৫ মাৰ্চত হেৰাই মানিবেগটো৷ বেচেৰা গুৰপ্ৰীতৰ মানিবেগটোত সকলো আছিল৷
ডেবিড কাৰ্ড, আধাৰ কাৰ্ড, এটিএম, পানকাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ লগতে নগদ ধনো আছিল বেগটোত৷ টকাৰ উপৰিও গুৰুত্বপূৰ্ণ তথ্যপাতি আছিল৷ মানিবেগটো হেৰুৱাই অসহায় হৈ পৰে গুৰপ্ৰীত৷ আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰে৷ কিন্তু ঘুৰাই নাপালে মানি বেগটো৷
ডেবিড কাৰ্ড, আধাৰ কাৰ্ড, এটিএম, পানকাৰ্ড, ড্ৰাইভিং লাইচেন্স আদি সমস্ত হেৰুৱাই আৰু আৰক্ষীৰ পৰা কোনো সহায় লাভ নকৰি ভাৰাক্ৰান্ত গুৰপ্ৰীত৷ সময় গৈ থাকিল লগে লগে মনৰ পৰা মানিবেগ হেৰুৱাৰ বেজাৰ কমিব ধৰিছিল৷
তেওঁৰ ঘৰলৈ এটা পাৰ্চেল আহিল৷ পাৰ্চেলটো খুলি চাই দেখে ভিতৰত তেঁওৰ হেৰুওৱা বেগটো৷ বেগটোত সকলো আছে৷ ইমানেই নহয় হেৰুৱাৰ সময়ত তাত থকা ৫১৬ টকাও আছে পাৰ্চেলটোত৷
এই সৎ কাৰ্যৰ বাবে ধন্যবাদৰ পাত্ৰ অচিনাকি মানৱদৰদী সিদ্ধাৰ্থ মেহতা৷ তেওঁ বেগটো মেট্ৰ’ত পাই ডকোমেন্টৰ পোৱা ঠিকনালৈ পঠিয়াই দিয়ে। নয়দাৰ বাসিন্দা সিদ্ধাৰ্থৰ সততাত মোহিত হৈ আৰু মানি বেগটো লাভ কৰি গুৰপ্ৰীতে ফে’চবুকত কাহিনীটো আপলোড কৰে আৰু সিদ্ধাৰ্থই হাতেৰে লিখি পঠিওৱা টোকাটোৰ ফটো দিয়ে।
টোকাটোত লিখা আছে ‘‘মই আপোনাৰ ৱালেটটো দিল্লী মেট্ৰ’ত পাইছো আৰু এইটো আপোনালৈ পঠিয়াই দিছো। ভাতৃ বুলি সম্বোধন কৰা সিঙক আগলৈ সাৱধান হ’বলৈও উপদেশ দিয়ে সিদ্ধাৰ্থই। যিটো সময়ত মানুহে হা টকা হা টকা কৈ পাগল হৈ থাকে তেনে সময়তে সিদ্ধাৰ্থই প্ৰমাণ কৰিলে টকা সৰ্বোচ্চ নহয়৷
আনৰ ধনৰ লোভত পৰি ক্ষন্তেক সময়ৰ বাবে আনন্দিত হ’ব পৰা যায় যদিও সেয়া স্থায়ী নহয়৷ সিদ্ধাৰ্থ হতৰ দৰে লোকে আনৰ ধনক লোভ নকৰে কেতিয়াও৷ আজিও দেশত আছে হাজাৰ হাজাৰ সিদ্ধাৰ্থ৷ সিদ্ধাৰ্থক চালাম৷