জোনাইঃ পৰিয়াল পৰিচয় পত্রৰ হিতাধিকাৰীৰ নামত আবণ্টন দিয়া কেৰাচিন বিক্ৰী কৰাৰ অভিযোগত কেৰাচিন তেল ডিপোৰ পৰিচালকক আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজহুৱা যোগানৰ ব্যৱস্থাৰ কেৰাচিন বিক্ৰী তথা দুৰ্নীতিৰ অভিযোগত সোমবাৰে এগৰাকী কেৰাটিন তেল ডিপোৰ পৰিচালক আটক হয় জোনাইত৷

জোনাই মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনস্থ জোনাইৰ ভাৰত তেল নিগমৰ এজেন্ট খগেশ্বৰ পেগু আৰু পশ্চিম জোনাই সমবায় সমিতিৰ সচিব সুনিতা দলেৰ বিৰুদ্ধে জোনাইৰ মহকুমাধিপতী যাদৱ পেগুৱে যোৱা ১৫ আক্টোবৰত জোনাই থানাত দাখিল কৰিছিল এখন এজাহাৰ৷ এজাহাৰ দাখিল কৰাৰ পিছতে জোনাই আৰক্ষীয়ে তদন্ত কৰি গৈছিল৷

তাৰ মাজতে সোমবাৰে ভাৰত তেল নিগমৰ পৰিচালক মিনাৰাম পেগুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ভাৰত তেল নিগমৰ জোনাইৰ একাংশ এজেন্টে দীৰ্ঘদিন ধৰি ৰাইজৰ বাবে আবন্টিত কেৰাচিন তেল চোৰাং বজাৰত বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈ আছিল৷ ৰাইজৰ অভিযোগৰ ভিত্তিত জোনাইৰ বিধায়ক ভূৱন পেগুৱে খোদ অভিযান চলাই চেপ্তেম্বৰ মাহত ৰাইজৰ বাবে আৱন্টিত ৬২৮০ লিটাৰ তেল চোৰাংকৈ বিক্ৰী কৰাৰ তথ্য লাভ কৰাত হাতে-লোটে ধৰা পেলাইছিল এই চক্ৰটোক৷

বিধায়কে জোনাইৰ মহুকুমা প্ৰশাসনক লিখিতভাৱে দুৰ্নীতি সন্দৰ্ভত অৱগত কৰে৷ জোনাই যোগান বিভাগৰ এজন পৰিদৰ্শৰ জৰিয়তে তদন্ত কৰাৰ নিৰ্দেশ দিয়ে মহকুমাধিপতীয়ে৷ তদন্তৰ পিছত সোমবাৰে কেৰাচিন ডিপোৰ পৰিচালক মিনাৰাম পেগুক গ্ৰেপ্তাৰ কৰে। ইফালে ডিপোটোৰ মালিক খগেশ্বৰ পেগু আৰু পশ্চিম জোনাই সমবায় সমিতিৰ সচিব সুনিতা দলে পলায়ণ কৰা বুলি জানিব পৰা গৈছে৷