মঙলদৈঃ দৰং জিলাৰ সদৰ মঙলদৈত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাই অসম মহিলা বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰে বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ মঙলদৈ জিলা পুথিভৰাল প্ৰাংগনত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি দৰং জিলা আছুৱে। কেইবাশতাধিক আছুৰ নেতা-কৰ্মীয়ে মুখত কলা কাপোৰ বান্ধি জিলাৰ সদৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণাংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ইমানে নহয় অৱস্থান ধৰ্মঘটথলীৰ পৰাই আছুৱে চৰকাৰক সকীয়াই দি বিশ্ববিদ্যালয় খন বন্ধ কৰাৰ কথা পহৰি যাওক বুলি সকীয়াই দিয়ে চৰকাৰক৷ 

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী, উপ-সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ চহৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতা, জামান ওৱাহিদৰ খণ্ডকাৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দৰং জিলাৰ উপাযুক্ত অশোক বৰ্মনৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মাক  স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে, বিজেপি চৰকাৰৰ জনবিৰোধী নীতি গ্ৰহণ কৰিব বিচৰাৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ এইবাৰ পুনৰ ৰাইজ জাঙুৰ খাই উঠিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ এইবাৰ বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি-নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷

নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷