মঙলদৈঃ এইবাৰ দৰঙত দুৰ্নীতিৰ বিৰুদ্ধে একত্ৰিত হ’ল ৰাইজ৷ দৰং জিলাৰ এখন সমবায় সমিতিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছতে সমবেত হ’ল বহু ৰাইজ৷ বিজেপিৰ দখলত থকা পশ্চিম ৰঙামাটি সমবায় সমিতিত বৃহৎ পৰিমানৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দেওবাৰে সমবায় সমিতি খনৰ বিৰুদ্ধে একত্ৰিত হল ৫০ খন গাঁৱৰ ৰাইজ৷

১৯৭২ চনত আউলাচৌকাত স্থাপন হোৱা পশ্চিম ৰঙামাটি সমবায় সমিতিত ব্যাপক বিত্তিয় কেলেংকাৰীৰ লগতে হিতাধীকাৰীৰ চাউল বিতৰণত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হোৱাত ক্ষোভিত হৈ পৰ ৫০ খন গাঁৱৰ ৰাইজ৷ একাংশ লোকে চাউলকে ধৰি বিভিন্ন সামগ্ৰীসমুহ আত্মসাৎ কৰাৰ মুকলি অভিযোগ উত্থাপন কৰে পশ্চিম ৰঙামাটি সমবায় সমিতিৰ বিৰুদ্ধে৷

পশ্চিম ৰঙামাটি হাইস্কুল খেলপথাৰত অনুষ্ঠিত সভাত ২০১৫ চনৰ পৰাই দুৰ্নীতি সংঘটিত হৈ অহা বুলিও কয় একাংশ ৰাইজে৷ সমবায় খনত আঠ লাখ টকা জমা থকাৰ পিছতো খাদ্য সুৰক্ষা আঁচনিৰ সামগ্ৰী সমুহ স্থানীয় ৰাইজে সময়মতে নোপোৱাত ক্ষোভিত হৈ হিতাধীকাৰী সকলে সমবায় খনত জমা থকা টকা আত্মসাৎ কৰা বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। পৰিৱৰ্তনৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ অধিনত থকা পশ্চিম ৰঙামাটি সমবায় সমিতিত একাংশ লোকে ধন আত্মসাৎ কৰাৰ লগতে ৰাইজক ৰাম ঠগন দি অহাৰ মুকলি অভিযোগ উত্থাপন কৰে ৰাইজে৷