মঙলদৈঃ মঙলদৈৰ ৰঙামাটিত বুট-মাহত বিষক্ৰিয়া সংঘটিত হৈ কেবাগৰাকী লোক গুৰুতৰভাৱে অসুস্থ হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ জানিব পৰা মতে, গিৰিশ নাথৰ নামৰ লোকজনৰ ঘৰত এক মাংগলিক অনুষ্ঠানত বুট-মাহ খোৱাৰ পিছতে কেবাগৰাকী লোকৰ জ্বৰ আৰু পেটচলা ৰোগ হ’বলৈ আৰম্ভ কৰে৷

স্থানীয় লোকে ততাতৈয়াকৈ অসুস্থ লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰে। ইয়াৰে ৩ জনক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা জিএমচিএইছলৈ প্ৰেৰণ কৰা হয়৷