লংকাঃ দুৰ্গা পূজাৰ সমান্তৰাল ভাৱে লংকাৰ মণিপুৰী সমাজে উদযাপন কৰিছে ইমা পান্থেইবী ইৰাত থৌৰাম পূজা৷ লংকাৰ পাঞ্চালীস্থিত মণিপুৰী সমাজে বুধবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপিত কৰা এই উৎসৱ বুধবাৰ পৰা ৰীতি নীতিৰে শুভাৰম্ভ হয়৷

উল্লেখ্য যে, বিগত প্ৰায় দহ বছৰ ধৰি এই পূজা ভাগ মনিপুৰী সমাজে উদযাপন কৰি আহিছে৷ পূজা ভাগৰ মূলতেই হৈছে তেওঁ লোকৰ ইষ্ট দেৱতাক স্মৰণ কৰা৷

এই পূজা ভাগৰ মূৰ্তি স্থানীয় লোকে অতি কষ্টৰে কাঠতে নিৰ্মাণ কৰি উলিয়াইছে৷ বিভিন্ন পৰম্পৰা, ৰীতি নীতিৰে পানী তোলাৰ পৰা আদি কৰি বিভিন্ন নিয়ম-নীতিৰে আনুষ্ঠানিকতাৰে অতি জাকজমকতাৰে উদযাপন কৰিছে এই পূজা ভাগ৷ এই পূজালৈ বিভিন্ন প্ৰান্তৰ অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে৷