ছচিয়েল মিডিয়াৰ পৰা সংগ্ৰহ
ছচিয়েল মিডিয়াৰ পৰা সংগ্ৰহ

ডিজিটেল ডেক্সঃ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ কিছু দিন পিছৰে পৰা দেশৰ নাগৰিকৰ সৈতে কথোপকথন কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে আৰম্ভ কৰিছিল ‘মন কী বাত’ অনুষ্ঠিন৷ 

দেওবাৰেও ‘মন কী বাত’ অনুষ্ঠান সম্প্ৰচাৰ কৰে মোডীয়ে৷ অসমৰ কৰিমগঞ্জ জিলাৰ আহমেদ আলিক প্ৰশংসাৰে ওপচাই পেলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

দেওবাৰে ৪২ সংখ্যক ‘মন কী বাত’ত দেশবাসীক উদ্দ্যেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ প্ৰসাৰৰ বাবে ৰিক্সাচালক আহমেদ আলিয়ে ৯খন স্কুল স্থাপন কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে ইয়াক দেশৰ ইচ্ছা শক্তিৰ ক্ষমতা বুলি অভিহিত কৰে৷

কৃষিজাত শস্যৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণৰ সময়ত চৰকাৰে অন্নদাতা কৃষকৰ শ্ৰমৰ মূল্যকে ধৰি প্ৰতিটো খৰচৰ হিচাব ৰাখিব যাতে ই উৎপাদন ব্যয়তকৈ ১.৫ গুণ বেছি হয়৷

মোদীয়ে আশা কৰে যে এইবাৰৰ বাজেটত তালিকাভুক্ত শস্যৰ ক্ষেত্ৰত ন্যূনতম সমৰ্থন মূল্য উৎপাদন ব্যয়তকৈ অতি কমেও ডেৰ গুণ অধিক দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰাৰ পাছত কৃষকসকলে তেওঁলোকৰ কষ্টৰ যথোচিত মূল্য পাব৷ 

‘মন কী বাত’ৰ মুখ্য বিন্দুসমূহঃ 

►আগৰ দৰে এইবাৰো মই সমগ্ৰ ভাৰতৰ পৰা বৃহৎ সংখ্যক পত্ৰ, ই-মেইল, টেলিফোন কল আৰু মন্তব্য লাভ কৰিছো৷

►ইয়াৰ মাজৰে এখন পত্ৰ পঢ়িলো কোমল থাক্কাৰ ডাঙৰীয়ানীৰ, য’ত তেওঁ সংস্কৃতৰ অন-লাইন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ কৈছে৷ তথ্য-প্ৰযুক্তিৰ লগত জড়ত হৈও আপোনাৰ সংস্কৃত প্ৰীতিয়ে মোক আনন্দ দিছে৷ এই সন্দৰ্ভত সংশ্লষ্ট বিভাগক সহাৰি জনাবলৈ নিৰ্দেশ দিছো৷

►যোগেশ ভদ্ৰেছা ডাঙৰীয়াই মোক স্বাস্থ্য-উদ্বিগ্ন যুৱ সমাজক কিছু ক’বলৈ কৈছে...৷ যোগেশ ডাঙৰীয়া, মই ’ফিট ইণ্ডিয়া’ শীৰ্ষক কথা ক’ম বুলি সিদ্ধান্ত লৈছো৷ ফিট ইণ্ডিয়াৰ এই আন্দোলন আৰম্ভ কৰিবলৈ সকলো যুৱক-যুৱতী একেলগে ওলাই আহিব লাগিব৷

►এইবাৰ বহুতে ভিন্ন বিষয়ৰ লগতে পৰীক্ষা, আহি থকা বন্ধ আৰু জল সংৰক্ষণৰ কথা লিখিছে৷ ইয়াৰ মাজতে পালো যে কানপুৰৰ এজন চিকিৎসকে পদপথলৈ গৈ দুখীয়াসকলক চিকিৎসা কৰাৰ লগতে ঔষধো প্ৰদান কৰে, ই মোক ১৩ বছৰ পুৰণি ভাতৃত্ববোধৰ উদাহৰণ এটা মনত পেলাই দিলে৷ কলকাতাৰ কেব চালক ছাইদুৰ লস্কৰে তেওঁৰ ভগ্নীক চিকিৎসাৰ অভাৱত হেৰুৱাবলগীয়া হোৱাত তেওঁ এখন হাস্পতাল আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল যাতে কোনো দুখীয়া লোকৰ চিকিৎসাৰ অভাৱত মৃত্যু নহয়৷

►এই সিদ্ধান্তৰ পাছতে ছাইদুলে ঘৰৰ পৰাই গহনা বিক্ৰী কৰিছিল আৰু দান-বৰঙনিৰ পৰা ধন সংগ্ৰহ কৰিছিল৷ গ্ৰাহকেও তেওঁক মুক্ত হস্তে দান দিছিল৷ ১২ বছৰ পাছত তেওঁ কলকাতাৰ ওচৰৰ পুনৰিত ৩০ খন বিছনাযুক্ত এখন হাস্পতাল স্থাপন কৰিছিল৷ এয়াই হ’ল নৱ ভাৰতৰ শক্তি৷ 

►উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই যেতিয়া ১২৫টা শৌচালয় নিৰ্মাণ কৰিবলৈ সক্ষম হয়, ই আমাক মহিলাৰ ক্ষমতাৰ আভাষ দিয়ে৷