
গুৱাহাটীঃ ভৱ প্ৰসাদ চলিহাৰ দৃষ্টিত মানৱ সেৱাই অাছিল শ্ৰেষ্ঠ ধৰ্ম। যাৰ বাবে ২০ অাগষ্টৰ ভৱ প্ৰসাদ চলিহাৰ জন্মদিনটো 'মানৱতাৰ দিন' হিচাপে উদযাপন কৰা হয়।
অধ্যাপক ভৱ প্ৰসাদ চলিহা ন্যাসৰ উদ্যোগত ভৱপ্ৰসাদ চলিহাৰ ৮৪ সংখ্যক জন্মদিনটো দেওবাৰে বিবেকানন্দ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়৷ 'মানৱতাৰ দিন' অনুষ্ঠানত ড০ লক্ষীনন্দন বৰা, ড০ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, অধ্যাপিকা মুক্তা বিশ্বাস, অপৰাজিতা বৰকটকী, কামাখ্যাপ্ৰসাদ দাস প্ৰমূখ্যে ভৱ প্ৰসাদ চলিহাৰ গুনমুগ্ধ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে সভাপত্বিত কৰা উক্ত সভা খনত 'উপনিষদত মানৱতাবাদ' বিষয়ৰ ওপৰত অধ্যাপিকা মুক্তা বিশ্বাসে বক্তব্য আগবঢ়ায়। মানৱতাৰ শ্ৰেষ্ঠ নিৰ্দশন দাঙি ধৰি মানৱ সেৱাৰ বাবে কাম কৰি অহা নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনক ন্যাসৰ তৰফৰ পৰা অধ্যাপক ভৱপ্ৰসাদ চলিহা মানৱতা বটাঁ প্ৰদান কৰা হয়।
এই বটাঁত অাছে ৫০ হাজাৰ টকা লগতে এখন মানপ্ৰত্ৰ। এই অনুষ্ঠানতে ৬৫ জন সাহিত্যিকৰ ৬৬ টা কবিতা সন্নিবিষ্ট ভৱপ্ৰসাদ চলিহাই সম্পাদনা কৰা কবিতাপুথি 'শ্ৰীশ্ৰী শংকৰদেৱ অাৰু শ্ৰীশ্ৰী মাৱধদেৱ প্ৰশস্তি মালা' উন্মোচন কৰে লক্ষীনন্দন বৰাই।