newsnextoneনগাঁওঃ নগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী আৰু গ্ৰাম বিকাশ পৰিষদৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে এলফিনিষ্টন বিবাহ ভৱন প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰে আদৰনি ভাষণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীয়ে বিভিন্ন প্ৰকাৰে মানুহ হীনমান্যতাত ভূগিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণ সতৰ্ক হ'লে ইয়াৰ প্ৰতিকাৰ হয় বুলি মতপ্ৰকাশ কৰে। 

এই অনুষ্ঠানত গুৱাহাটী মেডিকেল কলেজৰ মনোৰোগ বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ দীপাঞ্জলি মেধিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি মানসিক ৰোগীসকল সাধাৰণ মানুহৰ দৰে জীয়াই থকাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াও আছে। আইনৰ বিভিন্ন ধাৰা সম্পৰ্কত তেওঁ বিস্তৃত ব্যাখ্যা দাঙি ধৰাৰ লগতে সকলো জনসাধাৰণ আইনৰ কাষ চাপিব পাৰে বুলিও উল্লেখ কৰে। এই অনুষ্ঠানত উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি, নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰণিতা মৰাঙ, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, অধিবক্তা শ্বাহনাজ চুলতানাই মানসিক ৰোগীসকলৰ উৎকৰ্ষ সাধন সম্পৰ্কত ভাষণ প্ৰদান কৰে। 

জিলা মনোৰোগ বিভাগৰ বিষয়া গীতামণি বৰুৱাই আঁ‌তধৰা অনুষ্ঠানটোত জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া দিনেশ চন্দ্ৰ দাস, মনোৰোগ বিশেষজ্ঞ ডাঃ জিয়াউৰ ইছলাম, মনোৰোগ বিষয়া কবিতা বৰুৱা, নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা, গ্ৰাম্য পুথি ভঁ‌ৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, গ্ৰাম বিকাশ পৰিষদৰ মূখ্য উপদেষ্টা ছিৰাজউদ্দিন আহমেদৰ লগতে জিলা আৰক্ষী প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ, অৰ্ধ আইনী স্বেচ্ছাসেৱক, গাঁ‌ওৰক্ষী বাহিনী, স্বেচ্ছাসেৱী সংগঠনৰ বিষয়-ববীয়াসকল প্ৰমুখ্যে প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে জিলা অসামৰিক চিকিৎসালয়ৰ পৰা চহৰখনৰ মাজেৰে এটা শোভাযাত্ৰা উলিওৱা হয়। এই অনুষ্ঠানৰ সমান্তৰালকৈ মানুহৰ মাজত সজাগতা আনিবলৈ এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয়। 

আনহাতে, আজি বিয়লি জিলা অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগত এটা বিনামূলীয়া আইন সাহায্য কেন্দ্ৰ মুকলি কৰে ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷ বিনামূলীয়া আইন সাহায্য কেন্দ্ৰ মুকলি অনুষ্ঠানত অধিবক্তা ৰূপালী গোস্বামীও উপস্থিত থাকে৷ লগতে  মায়া ডেকা নামৰ এগৰাকী অৰ্ধ আইনী স্বেচ্চাসেৱকক নিয়োগ কৰা হয় কেন্দ্ৰটোত ৷

জয়ন্ত মুদৈ,নগাঁওঃ