মৰিয়নীঃ ৰাজ্যত অব্যাহত আছে ক'লা হীৰাৰ ভয়ংকৰ ছিণ্ডিকেট। এইবাৰ পুনৰ মৰিয়নীৰপৰা আৰম্ভ কয়লাৰ ক'লা বেহা।

আৰক্ষী প্ৰশাসনৰ সন্মুখতে চলিছে চোৰাং কয়লাৰ মুকলি বজাৰ। অসম নগালেণ্ড সীমান্তৰ মৰিয়নীত একাংশ কয়লা মাফিয়াই চলাই আহিছে ব্যাপক ছিণ্ডিকেটৰাজ। ধাৰাবাহিকভাৱে সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছত মহকুমা প্ৰশাসনে সেই সময়ছোৱাতে ছিল কৰিবলৈ বাধ্য হৈ পৰিছিল সাতটাকৈ অবৈধ কয়লা ডিপো। কিন্তু মহকুমা প্ৰশাসনৰ কঠোৰ পদক্ষেপকো ভেঙুচালি কৰি এইবাৰ পুনৰ মৰিয়নীৰপৰাই আৰম্ভ হৈছে কয়লাৰ বিশাল চোৰাং বজাৰ।

আৰক্ষী প্ৰকাশনৰ নিৰ্বিকাৰ ভূমিকাক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ সময়তে খোদ তিতাবৰৰ নৱনিযুক্ত মহকুমাধিপতি আয়ুস গাৰ্গে ১২ নৱেম্বৰৰ নিশা মৰিয়নীৰপৰা জব্দ কৰিলে পাঁচখনকৈ কয়লা ভৰতি ট্ৰাক। মৰিয়নীৰপৰা ধুবুৰী অভিমুখী পাঁচখনকৈ ট্ৰাক জব্দ কৰাৰ পাছতে মৰিয়নীত চোৰাং কয়লা বেপাৰীৰ মাজত লাগিছে হাহাকাৰ । সৃষ্টি হৈছে মৰিয়নীৰ চোৰাং কয়লা বেপাৰক লৈ ৰহস্যৰ।

একাংশ সাংবাদিকৰ ধাৰাহিক বাতৰিৰ সম্প্ৰচাৰৰ পাছত ৭ টাকৈ কয়লা ডিপো বন্ধ হৈ পৰাৰ পাছত কিদৰে সেই সমূহ স্থানত পুনৰ কয়লা ব্যৱসায়ী সক্ৰিয় হৈ পৰিল বা কি কাৰণত আৰক্ষী আৰু যানবাহন সাক্ষাৰ আৰক্ষী আৰু চৰকাৰী বিষয়া থকা স্বত্ত্বেও মহকুমাধিপতিগৰাকীয়ে কয়লাৰ ট্ৰাক জব্দ কৰাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হল, আৰক্ষী প্ৰশাসন নামৰ এটা বিভাগ আছে যদিও কি কাৰণত আৰক্ষীৰ সন্মুখতে সেই সকল কয়লা বেপাৰীয়ে মুকলিকৈ বেপাৰ চলাব পৰিছে ইয়াক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে সন্দেহ আৰু ভিন্ন প্ৰশ্নৰ ৷

সম্প্ৰতি মৰিয়নী আৰক্ষী থানাত দুখন আৰু মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত দেবেৰাপাৰা আৰক্ষী চকীত ৰাখি থোৱা হৈছে তিনি খনকৈ জব্দকৃত ট্ৰাক। এই ক্ষেত্ৰত কয়লাৰ চোৰাং ব্যৱসায়ক লৈ পৰিবহণ বিভাগ আৰু কৰ বিভাগেও গ্ৰহণ কৰিছে ৰহস্যজনক স্থিতি।

জব্দ কৰা গাড়ীকেইখনৰ নম্বৰ ক্ৰমে As 19 C 7466, As 17 B 7181, As 17 B 1837, As 15 BC 3209 আৰু
WB 59 A 4584।

বাতৰি সংগ্ৰহ কৰালৈকে জানিব পৰা গৈছে সঞ্জীৱ চুৰি, জ্ঞানবাহাদুৰ গুৰুং, চোমন হাজৰিকা, সুন্তি আগৰৱালা, টেগবাসহাদুৰ ছেত্ৰী ৰ নামৰ লোককেইজন এই চোৰাং কয়লা ব্যৱসায় লগত জড়িত৷ ইয়াৰ উপৰিও মৰিয়নীৰ এজন বি জে পি নেতাৰ সম্পৰ্কীয় লোকো কয়লাৰ চোৰাং ব্যৱসায় লগত জড়িত৷ শাসনত বি জে পি ৰ চৰকাৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি দিনে-নিশাই থানাৰ সন্মুখৰে একাংশ দালালে পাৰ কৰি নিয়ে কয়লা ভৰ্তি ট্ৰাক৷