♦ মাজ নিশালৈকে থানাত আৰক্ষীক মেনেজ কৰাত ব্যস্ত শাসকীয় দলৰ নেতা

মৰিয়নীঃ মঙলবাৰে নিশা যোৰহাট আৰক্ষী চকীৰ অন্তগৰ্ত চিনামৰা উপ আৰক্ষী চকীত যোৰহাট জিলাৰ নৱনিযুক্ত শিৱ প্ৰসাদ গাঞ্জাৱালাৰ নেতৃত্বত তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ সহযোগত চিনামৰা আৰক্ষীয়ে চাৰিখন কয়লা ভৰ্ত্তি ট্ৰাক AS 01 JE 0671, AS 02 B 2501, AS 01 DD 2331, UP 32 LN 2164 নম্বৰৰ গাড়ী কেইখন জব্দ কৰে৷
জব্দ কৰা ট্ৰাক কেইখনৰ পৰ্যাপ্ত পৰিমাণে কাগজ নথকাৰ বাবে যোৰহাট আৰক্ষীয়ে উক্ত ট্ৰাক কেইখনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০B/৩৭৯/৪২০/৪১১/৪৬৮/৪৭১ ধাৰাত গোচৰ ৰুজু কৰি চিনামৰা উপ-আৰক্ষী চকীত ঠাইৰ অভাৱৰ বাবে বুধবাৰে মৰিয়নী আৰক্ষী চকীলৈ পঠিয়াই দিয়ে৷
কিন্ত নিশা মৰিয়নীৰ থানাৰ ভিতৰত বিজেপিৰ এজন নেতাই ক্ষমতাৰ অপপ্ৰয়োগ কৰি অবৈধভাৱে কয়লা কঢ়িয়ওৱা ট্ৰাককেইখন মুকলিৰ বাবে অপ্ৰাণ চেষ্টা চলায়। নিজকে মৰিয়নীৰ কাটনি জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্ত বুলি চিনাকি দিয়া বিজেপিৰ নেতাজনে কয়লা মাফিয়াৰ সৈতে মাজ নিশালৈকে মৰিয়নী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ কক্ষত ডনৰ কাইদাৰে বহি আৰক্ষীক মেনেজ কৰাৰ চেষ্টা অব্যাহত ৰাখে।
পাছত সাংবাদিক তথা জাতীয় সংগঠনৰ উপস্থিতিৰ উমান পাই মৰিয়নী আৰক্ষীৰ চকীৰ এখন বগা ৰঙৰ বলেৰ’ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে একাংশ কয়লা মাফিয়াক লগত লৈ জিলা পৰিষদৰ সদস্যজনে থানাৰপৰা পলায়নৰ চেষ্টা চলায়। কিন্ত সাংবাদিকৰ কেমেৰাৰ সন্মুখত কয়লাৰ চোৰাং বেহাৰ সৈতে জিলা পৰিষদৰ সদস্যজন জড়িত থকাৰ কথা অকপটে স্বীকাৰ কৰিবলৈ বাধ্য হয়।
ইপিনে মৰিয়নীৰ চোৰাং কয়লাৰ বেহাৰ সৈতে গেৰুৱা দলৰ একাংশ নেতা পালিনেতা জড়িত হৈ পৰাৰ অভিযোগ পূৰ্বৰেপৰা উত্থাপিত হৈ আহিছে। মৰিয়নীৰ আৰক্ষী চকী থকাৰ পাছত কিয় চিনামৰা আৰক্ষীয়ে ট্ৰাককেইখন জব্দ কৰিবলগা হ’ল? প্ৰয়োজনীয় নথি-পত্ৰবিহীন মাত্ৰাধিক বোজা কঢ়িওৱা ট্ৰাককেইখন কেনেদৰে মৰিয়নী থানাৰ সন্মুখেদি পাৰ হৈ যাব পাৰিলে তাক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অনাগত দিনত এইদৰে বিজেপিৰ ক্ষমতা দেখুৱাই আৰু কিমান অবৈধ ব্যৱসায় কৰি যাব, সেয়া এতিয়া বৃহৎ প্ৰশ্ন৷
ভিডিঅ’টো চাওকঃ