
newsnextone.com| মৰিয়নীঃ মৰিয়নী বিধায়কৰ আমৰণ অনশন কাৰ্যসূচী ২১ ঘন্টা অতিক্ৰম কৰিলে৷ ক্ৰমাৎ অসুস্থতাৰ দিশত বিধায়ক৷ বৰ্তমান উপস্থিত হোৱা নাই জিলা উপায়ুক্ত৷ যোৱাকালিৰ পৰা মৰিয়নীৰ সীমান্তত নগাৰ আগ্ৰাসনৰ প্ৰতিবাদত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আমৰণ অনশন আৰম্ভ কৰিছিল। স্থানীয় লোকৰ সহাৰি পোৱা কুৰ্মীয়ে ৰাজপথতে আৰম্ভ কৰিছিল এই অনশন৷ মগ্ৰৈত বি অ পি দাবীত এই অনশনৰ কৰাৰ মূল উদ্দেশ্য আছিল৷ ক্ৰমাৎ উত্তেজিত হৈ পৰা স্থানীয় ৰাইজেও সহযোগ কৰিছিল বিধায়ক কুৰ্মীৰ লগত৷ উল্লেখযোগ্য যে চিকিৎসকে আহি তেওঁৰ পৰীক্ষা কৰাৰ বিষয়ে জানিব পৰা গৈছে৷