♦ মৰিয়নীত এজনৰ পাছত আনজন যুৱকক আটক আৰক্ষীৰ ♦
ফেচবুকত মন্তব্য কৰি বিপদত মৰিয়নীৰ যুৱক ♦

মৰিয়নীঃ বুধবাৰে পুৱা মৰিয়নী নগৰৰপৰা ৪ কি মি নিলগৰ নগাধুলীত বিদ্যালয়ৰ প্ৰাংগণত আলফা স্বাধীনৰ পতাকা উত্তোলনক কৰা ঘটনাক কেন্দ্ৰ কৰি সন্ধিয়া যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক আৰু SDPO তিতাবৰৰ নেতৃত্বত মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল দত্তৰ সহযোগত এই বাতৰি সংগ্ৰহ কৰা সময়লৈকে দুজন যুৱকক আৰক্ষীয়ে আটক কৰি লৈ গৈছে৷
ফেচবুকত চৰকাৰৰ বিপক্ষে লগতে আলফাৰ সপক্ষে মন্তব্য কৰাৰ অভিযোগত মৰিয়নীৰ পুথিনদীৰ মাধুৰ্যজ্যোতি শইকীয়া নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰি আনি দেবেৰাপাৰ উপ-আৰক্ষী থানাত ৰাখিছে৷ আন এগৰাকী যুৱক ধাপাতবাৰি অঞ্চলৰ জিৱন পেগুক আটক কৰি মৰিয়নী থানাত সাধাৰণ লোক আৰু সংবাদমাধ্যমৰপৰা আঁতৰত ৰখা হৈছে৷
আজি সন্ধিয়া ভাগৰ পৰা মৰিয়নীৰ বিভিন্ন প্ৰান্তৰৰ যুৱকক আৰক্ষীয়ে আটক কৰা কথাটো সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে৷ এটা সংবাদ গোষ্ঠীৰ বাতৰিৰ ফেচবুক পেজত মাধুৰ্যজ্যোতি শইকীয়াই চৰকাৰে সন্ত্ৰাসবাদী সৃষ্টি কৰিছে, আলফাৰ পতাকা নুৰি কি উৰিব বুলি মন্তব্য কৰিছিল নকছাৰী পুথিনদীৰ যুৱকজনে। আৰু ইয়াৰ পাছতে যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত দেৱেৰাপাৰ আৰক্ষীয়ে আটক কৰে উক্ত যুৱকজনক। বৰ্তমান যুৱক জনক দেবেৰাপাৰ উপ-আৰক্ষী চকীত আৰক্ষীয়ে সোধা-পোচা কৰি আছে৷ লগতে ধাপাতবাৰি অঞ্চলৰ জিৱন পেগু প্ৰাক্তন আলফা হোৱাৰ বাবে সন্দেহ-বশত আৰক্ষীয়ে আটক কৰা বুলি জানিবপৰা গৈছে৷
মৰিয়নীৰ এই ঘটনাৰ সন্দৰ্ভত সচেতন নাগৰিকে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক এই বুলি প্ৰশ্ন কৰি ক’ব বিছাৰিছে যে প্ৰকৃততে প্ৰশাসনে অসমত সাধাৰণ লোকৰ বাক-স্বাধীনতাত বাধা আৰোপ কৰিব খুজিছে নেকি?