
মোৰাঝাৰঃ দিল্লীৰ নেছনেল এচিভাৰ্ছ ৰিকগনাইজেছন ফৰাম নামৰ অনুষ্ঠানটোৱে হোজাই জিলাৰ অগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান হোজাইৰ মৰ্কজুল মা’আৰিফক প্ৰদান কৰে বিশেষ সন্মান৷
দৰিদ্ৰ লোকক সহায়, শিক্ষা, সমাজসেৱা আদিৰ দিশত কাম কৰি অনুষ্ঠানটোৱে সমাজৰ বাবে আগবঢ়াই অহা অৱদানৰ বাবে বিশেষ সন্মানেৰে পুৰস্কৃত কৰে৷ যোৱা ১৮ ডিচেম্বৰত দিল্লীত প্ৰদান কৰে এই সন্মান৷ হোজাইৰ মৰ্কজুল মা’আৰিফৰ সভাপতি চামছুল হক চৌধুৰীয়ে ১৯৮২ চনত মফচলীয়া চহৰ হোজাইত প্ৰতিষ্ঠা লাভ কৰা মৰ্কজুল মা'আৰিফে বিশেষ স্বীকৃতি লাভ কৰা বুলি কৈ আনন্দিত হৈ পৰে৷
মৰ্কজৰ সকলো ধৰণৰ সফলতাৰ আঁৰত আজমল পৰিয়াল বিশেষকৈ বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ বিশেষ অৰিহণা থকা বুলি কয় সভাপতিজনে৷ শিক্ষা, অসহায় লোকক সাহায্য প্ৰদান, পুনৰ সংস্থাপন, কৃষি, অনাময়, পৰিৱেশ সুৰক্ষা আদি ক্ষেত্ৰত মৰ্কজুল মা'আৰিফে সেৱা আগবঢ়াই চৰকাৰৰ দ্বাৰাও প্ৰশংসা লাভ কৰিছে৷