
ডিজিটেল ডেস্কঃকমনৱেলথ গেমছৰ দশমটো দিন আৰম্ভ হ’ল স্বৰ্ণ পুৱাৰে। অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত চলি থকা ২১ তম কমনৱেলথ গেমছত ভাৰতে দশম দিনৰ পুৱাই স্বৰ্ণ লাভে কৰে। ভাৰতলৈ ২১ নম্বৰটো সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হ’ল নীৰজ চোপ্ৰাই। পুৰুষৰ জেভলিন থ্ৰ’ শাখাত নীৰজে এই পদক লাভ কৰে।
ভাৰতীয় বক্সাৰ গৌৰৱ সোলাংকিয়ে পুৰুষৰ ৫২ কেজি. শাখাত লাভ কৰিলে সোণৰ পদক। আকৌ ৬০ কে.জি.ৰ শাখাত মণিষ কৌশিকে লাভ কৰে ৰূপৰ পদক।
Indian Boxers continue to rule the boxing ring at #CWG2018.
— SAIMedia (@Media_SAI) April 14, 2018
Put your hands together for Gaurav Solanki for winning in 52 kg men's boxing. He was phenomenal in the ring. #GC2018Boxing #IndiaAtCWG #SAI pic.twitter.com/Wqu7cZrQwF
ইফালে কিংবদন্তিত পৰিণত হোৱা মণিপুৰৰ মেৰীকমে পুনৰাই উজলালে উত্তৰ-পুৰ্বাঞ্চল, ৪৫-৪৮ কে.জি. শাখাৰ বক্সিঙত সোণৰ পদক আঁজুৰিলে।
I Dedicated my #GC2018boxing Gold Medal to my 3 sons, Rechungvar,Khupneivar &Prince , calling me MAMA when r you coming home. I thank my coaches, support staffs, @BFI_official, @Media_SAI for believing in me #PunchMeinHaiDum
— Mary Kom (@MangteC) April 14, 2018
৫০মি. ৰাইফল শ্বুটিং ইভেণ্টত সঞ্জীৱ ৰাজপুতৰ সোণৰ পদক। ইফালে স্কটলেণ্ডৰ ক্ৰিষ্টী গিলম’ৰক হৰুৱাই চাইনা নেহৱালে প্ৰৱেশ কৰিছে বেডমিণ্টনৰ ফাইনেলত।