
লাহোৱালঃ বিপদত পৰা লোকক উদ্ধাৰ কৰিবলৈ গৈ নিজৰ প্ৰাণ বিসৰ্জন দিয়া ৬গৰাকী লোকক আজিও পাহৰিব পৰা নাই ডিব্ৰুগড়ৰ ৰাইজে৷ ১৯৫০ চনৰ প্ৰলয়ংকৰী বানত আক্ৰান্ত লোকক উদ্ধাৰ কৰিবলৈ গৈ নাও দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিছিল ডিব্ৰুগড়ৰ জীৱনৰাম ফুকন, হনুমান সিংঘানিয়া, বাবুলাল পোদ্দাৰ, অজয় মেচ, গৌড়চান্দ সিং আৰু ৰুদ্ৰ বৰঠাকুৰে৷
দেওবাৰে সোৱঁৰণ ৬গৰাকী শ্বহীদক স্মৰণ কৰে ৰাইজে৷ দেওবাৰে ডিব্ৰুগড় অগ্ৰসেন মিলন মন্দিৰত সভা অনুষ্ঠিত হয়।
শ্বহীদ স্মৃতিৰক্ষা সমিতিৰ সভাপতি বিশ্বনাথ গাৰোডিয়াৰ সভাপতিত্বত অনুষ্ঠিত আৰু সম্পাদক অনিল প্ৰসাদ সিংহই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, সমাজকৰ্মী উপেন কোঁৱৰ, ডাঃ বিপিন কাকতী, ড০ মহেশ কুমাৰ জৈন, মৃদুল শৰ্মা, সাংবাদিক ললিত শৰ্মা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ভূষণজ্যোতি সন্দিকৈ আদিকে ধৰি ভালেমান গণ্যমান্য লোক উপস্থিত থাকে।
অনুষ্ঠানৰ সতে সংগতি ৰাখি সুমন দত্তৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা "১৯৫০ এক কৰুণ গাঁথা" শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিধায়ক প্ৰশান্ত ফুকনে।