newsnextone.com | চাবুৱাঃ সৰ্বানন্দ সোণোৱালৰ সমষ্টিৰ হাজাৰ হাজাৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’ব নিদিয়ে৷ ভাল দিনৰ সপোন দেখুৱাই শাসন আৰু ক্ষমতালৈ অহা বিজেপিয়ে এতিয়া আমাক বাংলাদেশীৰ বোজা দিব বিচাৰিছে৷ তাৰ প্ৰতিবাদ স্বৰূপে অহা ১৫ জুনত আমি একেখন মঞ্চত একত্ৰিত হ’ম৷ সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি চাবুৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চই এই মন্তব্য আগবঢ়ায়৷ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ৫০ হাজাৰ ৰাইজৰ উপস্থিতিত বিশাল সমাবেশৰ আয়োজন কৰা বুলি কৈ উমৈহতীয়া মঞ্চ খনে৷ সংগঠনসমূহে মুখ্যমন্ত্ৰীক জাতিৰ স্বাৰ্থত জাতীয় নায়কৰ ভূমিকা পালন কৰিবলৈ দাবী জনায়৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীৰ জন্মস্থানতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজ জাগিছে৷ অসমীয়া বিৰোধী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতেই ব্যাপক পতিবাদ অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত ৫৮টা দল-সংগঠনৰ সন্মিলিত নাগৰিক মঞ্চই সংবাদমেল অনুষ্ঠিত কৰে। সন্মিলিত নাগৰিক মঞ্চৰ সভাপতি দিপনজ্যোতি ফুকন, কাৰ্যকৰী সভাপতি দেৱঋৰ্ষি চেতিয়া আৰু যুটীয়া সম্পাদক ধ্ৰুৱ গোঁহাই, ৰিন্টু গগৈয়ে দিনৰ ১১ বজাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰে সংবাদমেলখন৷

অহা ১৫ জুন শুকুৰবাৰে দিনৰ ১০ বজাত চাবুৱাত বিশাল গণ সমাবেশৰ আয়োজন কৰা হৈছে বুলি কয় নেতাসকলে। আচ্ছে দিনৰ কথা কৈ কেন্দ্ৰত চাৰি বছৰ আৰু জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ অসমত ক্ষমতা দখল কৰা চৰকাৰখনে ৰাইজৰ সমস্যা সমাধান কৰাৰ বিপৰীতে অসমত অসমীয়া জাতিক সংকটৰ গৰাহলৈ ঠেলি দি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰাৰ বাবে উঠি পৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰে। 

বিধেয়ক আইনত পৰিণত হবলৈ হলে অসমীয়া জাতিয়ে অসমতে সংখ্যালঘূত পৰিণত হোৱাৰ যাতনা ভুগিব লাগিব। চাবুৱাৰেই সন্তান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতিৰ স্বাৰ্থত মাত মাতিবলৈ আহ্বান জনায়। আৰএছএছে হিন্দী হিন্দু হিন্দুত্ববাদক প্ৰতিষ্ঠা কৰিবলৈ গৈ বিজেপিয়ে অসমীয়া জাতিক নিশেষ কৰিব বিচৰা প্ৰক্ৰিয়াটোক সকলো সংগঠনে একেমুখে সংবাদমেল খনত ধিক্কাৰ দিয়ে। জাতিধ্বংসী বিধেয়কখন বাটিল কৰিবলৈ ঐক্যবদ্ধ সংগ্ৰামৰ পাটনি মেলিব বুলি উল্লেখ কৰে সংবাদমেলত। সমাবেত জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনায়। সমাবেশখনত কৃষক নেতা অখিল গগৈ, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুচেইন, বিশিষ্ট শিক্ষাবিদ ড০ অপূৰ্ব কুমাৰ বৰুৱা আৰু উচ্চ ন্যায়ালয়ৰ অধিবক্তা জোনমণী দেৱী খাউণ্ড উপস্থিত থাকিব বুলি সংবাদমেলখনত জানিবলৈ দিয়ে।