নগাঁও/ধিংঃ নগাঁও কাণ্ডই জোকাৰিছে ৰাজ্য৷ বান সাহায্য বিছাৰি যোৱা প্ৰাক্তন আলফাক বাংলাভাষী ব্যৱসায়ীয়ে হত্যাৰ চেষ্টা কৰা ঘটনাই উত্তাল কৰি ৰাখিছে ৰাজ্য৷ ধন দাবী কৰিবলৈ যোৱা বুলি মিছা অভিযোগ দি কেইবাজনো লোকে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰি ডিঙিত বেল্টেৰে ছেপি ধৰি মুন বৰা নামৰ প্ৰাক্তন আলফাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল৷

প্ৰথমে ঘটনাক একাংশ লোকে আন ফালে নিব বিছাৰিছিল যদিও চিচিটিভিৰ ফুটেজে স্পষ্ট কৰি দিয়ে যে, তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি হত্যাৰ চেষ্টা চলোৱা হৈছিল৷

জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি দাবী কৰা দল শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰ কাণ্ডৰ পিছত সংঘটিত এই কাণ্ডৰ বিৰুদ্ধে আজি শদিয়াৰ পৰা ধুবুৰীলৈ ওলাই আহে হাজাৰ হাজাৰ থলুৱালোক৷ ৰাজ্যৰ বিভিন্ন-দল-সংগঠনৰ নেতা-কৰ্মীৰ লগতে ৰাজ্যৰ ইমূৰ-সিমূৰৰ পৰা আহি নগাঁৱত সমবেত হোৱা লোকসকলে অসমত কাৰো দপদপনি সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে৷

প্ৰাক্তন আলফাৰ আক্ৰমণ কাণ্ডৰ প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে ওলাই আহি নগাঁও চহৰৰ নেহৰুৱালিত সমবেত হয় হাজাৰ হাজাৰ লোক৷ নগাঁও চহৰৰ মাজেৰে এক বিশাল প্ৰতিবাদী সমদল উলিয়ায় বিভিন্ন শ্ল’গানেৰে হাজাৰ হাজাৰ লোকে পৰিৱেশ উত্তাল কৰি তোলে৷ সমদলত অংশ গ্ৰহণ কৰা লোকসকলে আৱেগিক হৈ পৰি অসমীয়াৰ ওপৰত চলোৱা আক্ৰমণ সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে৷

সমদলৰ অন্তত হাজাৰ হাজাৰ লোকে নগাঁও চহৰৰ নেহেৰুৱালিত সমবেত হৈ প্ৰতিবাদী সভাৰ আয়োজন কৰে৷ কেইবাটাও জাতীয় সংগঠনৰ লগতে  আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ লগতে কেইবাখনো প্ৰাক্তন আলফা নেতা উপস্থিত থাকে সমাৱেশত৷ প্ৰাক্তন আলফা নেতা জিতেন দত্তই আৰু সহ্য নকৰো বুলি কৈ পুনৰ অস্ত্ৰ হাতত লোৱাৰ হুংকাৰ দিয়ে সমাৱেশত৷ এতিয়াৰ পৰা অসমীয়াই যি কব সেয়াই হ’ব বুলি কয় দত্তই৷ কাকপথাৰৰ পৰা আহিছো মাৰিবও জানো, মৰিবও জানো বুলি বিস্ফোৰণ ঘটায় দত্তই।

আনহাতে প্ৰাক্তন আলফা সমন্বয় সমিতিয়ে আহ্বান জনোৱা বন্ধ কাৰ্যসুচীত স্তব্ধ হৈ পৰে নগাঁও জিলাৰ ধিঙৰ জনজীৱন৷ নগাঁও কাণ্ডৰ প্ৰতিবাদত আজি পুৱাৰে পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া বন্ধ সমগ্ৰ ধিঙতে সৰ্বাত্মক হোৱা দেখা যায়। প্ৰাক্তন অালফা সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা এই বন্ধৰ সমৰ্থন কৰিছে জাতীয়তাবাদী শিৱিৰৰ বহুকেইটা দল সংগঠনে।