সৰভোগঃ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান বৰনগৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আজিৰে পৰা আৰম্ভ কৰা হ’য়। অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক, অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আজি পাাঠ্যক্ৰমৰ আনুষ্ঠানিকভাৱে শুভৰাম্ভ কৰে ৪০নং সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে৷

বিধায়কগৰাকীয়ে সদ্য ঘোষিত স্নাতক পৰীক্ষাত প্ৰথম স্থান দখল কৰা বৰনগৰ মহাবিদ্যালয়ৰ ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বিধায়ক পুঁজিৰে নিৰ্মাণ হব'লগীয়া স্নাতকোত্তৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ ভৱনৰ আধাৰশিলা স্থাপনৰ পাছতে অনুষ্ঠিত এখন সভাত বৰনগৰ অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত নতুন ইতিহাস সংযোজন হ’ল বুলি বিধায়ক ৰঞ্জিত কুমাৰ দাসে মন্তব্য আগবঢ়ায়৷

শুভক্ষণৰ পৰাই ৰাজনীতি বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ হ’ল বুলি কৈ অনুষ্ঠানটোৰ বাবে আমন্ত্ৰণ জনাবলৈ যোৱা লোকসকলক স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ বাবে আছুতীয়াকৈ কোঠালি লাগিব বুলি কোৱা বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে৷ আগন্তক দিনত আৰু অন্য বিষয়ত স্নাতকোত্তৰ খোলাৰ বাবে ব্যৱস্থা কৰিব লাগিব বুলিও কয় ৰঞ্জিত দাসে।

স্নাতকোত্তৰ ব্লকৰ বাবে ইতিমধ্যে বিধায়ক পুঁজিৰ পৰা ১০ লাখ টকা প্ৰদান কৰা বুলি কৈ অনুমোদন পত্ৰখন সভাস্থলীতে অধ্যক্ষক অৰ্পণ কৰি টকাখিনি ইতিমধ্যে জিলা উপায়ুক্তৰ একাউন্টত জমা হৈ আছে বুলি কয় দাসে৷ ভাল ফলাফল কৰা সৰভোগৰ ছাত্ৰী-ছাত্ৰীক ১০ হাজাৰ টকাকৈ সাহায্য দিয়াৰো কথা ঘোষণা কৰে বিধায়কগৰাকীয়ে।