তিনিচুকীয়াঃ এটা বিশেষ বঁটাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ। ঐতিহাসিক মোৱামৰীয়া গণবিপ্লৱৰ পিছত উজনি অসমত নিজা ৰাজনৈতিক দক্ষতা, বিচক্ষণতা আৰু ৰাজকীয় সাহসেৰে ১৭৮৮ খ্ৰীষ্টাব্দত স্বাধীন মটক ৰাজ্য প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত প্ৰৱৰ্তন কৰা বঁটাক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ।

যিসময়ত ইংৰাজ ঔপনিৱেশিক শাসন-শোষণে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰভূত্ব বিস্তাৰ কৰিছিল, ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অবিভক্ত অসম ইংৰাজ সাম্ৰাজ্যবাদী শাসনৰ আওতালৈ আহিছিল সেইসময়তো ১৮৪২ চনলৈকে সগৌৰৱেৰে উৰি আছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বাধীন মটক ৰাজ্যৰ ধ্বজা।

এনে এজন চতুৰ, বিচক্ষণ আৰু শক্তিশালী নেতৃত্বৰ অধিকাৰী পুৰোধা ব্যক্তিৰ দেহাৱসানৰ ২৪ মে'ৰ দিনটো মটক জনসাধাৰণে স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস হিচাবে পালন কৰি আহিছে।

চলিত বৰ্ষত ৰাজ্য চৰকাৰে চৰকাৰী পৃষ্ঠপোষকতাত স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদানৰ লগতে সৰ্বানন্দ সিংহ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুযায়ী স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান কাৰ্যসূচীৰ লগতে মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অহা ২৪,২৫,২৬ আৰু ২৭ মে'ত জেৰাই আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা হৈছে।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত উদযাপিত হ'বলগীয়া সৰ্বানন্দ সিংহ দিৱসৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটাৰ বাবে নিৰ্বাচিত হৈছে বন্দুক এৰি ৰাজনীতিত প্ৰৱেশ কৰা বৰ্তমানৰ বিটিচি প্ৰধানৰ দায়িত্বত থকা হাগ্ৰামা মহিলাৰী।

বঁটা প্ৰদানৰ এই ঘোষণাৰ সময়তে ক্ষুব্ধ হৈ উঠিছে মটক জনগোষ্ঠীয় ৰাইজ। কি যোগ্যতাৰ ভিত্তিত মটক জনগোষ্ঠীয় ৰাইজৰ সামগ্ৰিক উন্নয়নৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নথকা হাগ্ৰামা মহিলাৰীক বঁটা প্ৰদান কৰা হ'ব সেই লৈ জনগোষ্ঠীয় ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে ছ'চিয়েল নেটৱৰ্কিং ছাইটত হাগ্ৰামা মহিলাৰীক বঁটা প্ৰদানৰ সিদ্ধান্তক লৈ বহুজনে প্ৰশ্ন তুলিছে।

ইফালে হাগ্ৰামা মহিলাৰীক বঁটা প্ৰদানৰ সিদ্ধান্তটো মটক জনগোষ্ঠীৰ এটা জ্যেষ্ঠ সংগঠনৰ স্বেচ্ছাচাৰী সিদ্ধান্ত বুলি মটক জনগোষ্ঠীৰ অন্যান্য সংগঠনসমূহে প্ৰকাশ্যে ক্ষোভ উজাৰিছে।

এই প্ৰসংগত  সদ্য আলোচনাপন্থী আলফা নেতা এজনৰ প্ৰত্যক্ষ ভূমিকাই গোটেই বিষয়টো ৰহস্যৰ আৱৰ্তলৈ নিছে বুলি মটক জনগোষ্ঠীৰ এচাম সচেতন লোকে সন্দেহ ব্যক্ত কৰিছে।