ডিব্ৰুগড়ঃ প্ৰতিজন মানুহে নিজৰ জাতি জনগোষ্ঠীক ভাল পায় আৰু শ্ৰদ্ধা কৰে৷ প্ৰতিখন দেশৰ প্ৰতিজন নাগৰিকে নিজ জাতি-জনগোষ্ঠীটোৰ বিপদৰ কালত আপোন মানুহসকলৰ ওচৰত থিয় দিব খোজে৷ বিভিন্ন সমস্যাৰ বিৰুদ্ধে প্ৰতিটো জাতি-জনগোষ্ঠীয়ে যুঁজ দিব লগা হয় এই কথা ইতিহাসে কয়৷ 

আমাৰ দেশ ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে ভিন্ন দাবীৰ হকে সংগ্ৰাম চলাই গৈছে৷ কেতিয়াবা সংৰক্ষণ, কেতিয়াবা সুকীয়া ৰাজ্য, কেতিয়াবা নাগৰিকত্ব, কেতিয়াবা জনগোষ্ঠীৰ স্বীকৃতি, ভাষা ৰক্ষা, প্ৰব্ৰজন বন্ধ কৰা আদিৰ দাবীৰে সংগ্ৰাম কৰি গৈছে বিভিন্ন জাতি-জনগোষ্ঠীয়ে৷ দেশ স্বাধীন হোৱাৰ পিছতেই অসমৰ মানুহেও নিজ জাতিটোৰ অস্তিত্ব জীয়াই ৰাখিবলৈ কমকৈ সংগ্ৰাম কৰিব লগা হোৱা নাই বুলি আমি ভাবো বুলি কয় মটক যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই।

লগতে তেওঁ কয় যে চুবুৰীয়া দেশৰপৰা হোৱা প্ৰব্ৰজন, দেশৰ ভিতৰৰপৰা হোৱা প্ৰব্ৰজনে অসমীয়া জাতিক বাৰে বাৰে জ্বলা-কলা খুৱাইছে৷ অসম খনৰ গাতে লাগি থকা পশ্চিম বংগ, ত্ৰিপুৰা, বিহাৰ, ঝাৰখাণ্ড আদি ৰাজ্যৰ ভাৰতীয় আৰু বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনে অসমীয়া জাতিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ সমানে অসমীয়া ভাষাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ বিশ্বৰ মানচিত্ৰত এটুকুৰা সৰু ভূমি অসমখনত থকা ক্ষুদ্ৰ অসমীয়া জাতিটোৱে অসমীয়া হৈ জীয়াই থাকিবলৈ কিমান সংগ্ৰাম কৰিলে তাৰ হিচাপ কৰি উলিয়াব পৰা নাযাব৷

মৰি মৰি জীয়াই থাকিব নোৱাৰে মহা পৰাক্ৰমী জাতিটোৱে বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে৷ বাৰে বাৰে অস্তিত্বৰ প্ৰতি ভাবুকি পায় আহিছে৷ ভিন্ন কাৰকে জাতিটোক থৰক-বৰক কৰি সেউজীয়া ভূমি, সাৰুৱা সম্পদ দখল কৰিব খুজিছে৷ কিন্তু বীৰৰ বংশধৰ অসমীয়াই কাৰোৰে ওচৰত মুৰ দোৱাই জীয়াই থকা নাই৷ বীৰৰ দৰে যুঁজিছে আৰু নিজৰ মান অভিমান জীয়াই ৰাখিছে৷ 

বাৰে বাৰে জাতিটোক ৰক্ষা কৰাৰ দৰেই, অসমীয়া ভাষা ৰক্ষা কৰাৰ বাবে অসমীয়াই আন্দোলন কৰিব লগা হৈছে৷ ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন আদিত অসমীয়া ডেকাই প্ৰাণ দিব লগা হৈছে৷ 

উল্লেখ্য যে, নিউজ নেক্সট ওৱানৰ সাংবাদিক তপন কুমাৰ শইকীয়াৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এইদৰে কয় সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই।