
তিনিচুকীয়াঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনৰ লগতে মটক জনগোষ্ঠীটোক গৌৰৱান্বিত কৰা ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা পুথিভঁৰালত সম্বৰ্ধনা জ্ঞাপন কৰে৷
সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উদয় শংকৰ মহনৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ সভাপতি দেৱজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠানৰ আঁত ধৰে সাধাৰণ সম্পাদক কমলদ্বীপ বৰুৱাই৷
বিশিষ্ট লেখক তথা গৱেষক ফটিক চন্দ্ৰ নেওঁগ, তিনিচুকীয়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা ৰাণা চাংমাই, সুলেখিকা কৰবী গগৈ বৰুৱা, গুৰুচৰণ সিঙকে ধৰি জনগোষ্ঠীটোৰ বহুতো বিষয়ববীয়া উপস্থিত থাকে৷
উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাছত নিজৰ মেধাৱী শক্তিক অবাবতে অপচয় নকৰি সৰ্বভাৰতীয় স্তৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাতো যাতে জনগোষ্ঠীটোৰ শিক্ষাৰ্থীসকলে যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ জনগোষ্ঠীটোৰ লগতে সমগ্ৰ জাতিটোৰ নৱ প্ৰজন্মৰ মাজত ন-ন চিন্তাৰ উন্মেষ ঘটোৱাৰ লগতে উত্তৰণৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰি যাবলৈ সাধাৰণ সম্পাদকে আহ্বান জনায়৷