19
Nov
2017

ডিব্ৰুগড়ঃ সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ ডিকম অাঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে ডিকমৰ অস্থায়ী কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷ মটক যুৱ-ছাত্র সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰশান্ত চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখা কৰে উওম গগৈয়ে৷
সভাত ঋতুৰাজ চেতিয়াক সভাপতি অাৰু উওম গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ২৩ জনীয়া সন্মিলনৰ ডিকম অাঞ্চলিক সমিতিত গঠন কৰা হয়৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰঞ্জীত গোহাঁই, তথ্য অাৰু প্ৰচাৰ সম্পাদক গোলাপ লাহন, ডিব্ৰুগড় জিলা সন্মিলনৰ সাধাৰণ সম্পাদক নিৰূপম দুৱৰা, সহঃ সম্পাদক মুকুন্দ মাধৱ বঢ়াগোহাঁই, চাবুৱা-ডিকম অাঞ্চলিক সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকে৷