newsnextone.com | চাবুৱাঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সমাজখনক বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈ আহিছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ় লৈ উঠা অবৈধ দেশী-বিদেশী চুলাইৰ ঘাটি সমূহে যুৱ প্ৰজন্মৰ মনত কু প্ৰভাৱ পেলাই ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ আনহাতে, একাংশ চৰাকৰী বিষয়াই ধন ঘটাৰ আশাত প্ৰশাসনেও তেনে মদৰ ঘাটি সমূহ উচ্ছেদ নকৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে৷

অবৈধ মদ, লালিগুড়, ড্ৰাগছ আদি নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ ফলত বিভিন্ন অঞ্চলৰ পৰিবেশ প্ৰদূষিত হৈ পৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ চাবুৱা আঞ্চলত চুলাই মদ আৰু লালিগুড়ৰ ৰমৰমীয়া ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক উমাকান্ত গগৈ, উপ-সভাপতি নন্দন চাংমাই মদ, গাঞ্জা, ড্ৰাগছৰ দৰে বৰবিহৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত ডিব্ৰগড় জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি এই অভিযোগ উত্থাপন কৰে। 

চাবুৱা আৰক্ষীয়ে যোৱা কেইদিনমান ধৰি অঞ্চলটোত কিছু মদৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে যদিও পুনৰ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি চন্দন ফুকনে কয় যে চাবুৱা থানাৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত লালিগুড়ৰ গুদাম থকাৰ পিছতোঁ জিলা প্ৰশাসনে বন্ধ নকৰাৰ ফলতেই গাঁৱে-ভূঞে চুলাইৰ ব্যৱসায় অব্যাহত আছে। লালিগুড় আৰু চুলাই মদৰ ব্যৱসায় বন্ধ নকৰিলে তীব্ৰ আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰে উমাকান্ত গগৈয়ে।