23
Nov
2017

বেতবাৰীঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ ডিমৌ ৰজাবাৰীত স্থাপন হ’বলগীয়া বিশেষ চিকিৎসালয় খনৰ নিৰ্মাণৰ কাম বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়৷ অসমীয়া জাতিৰ জনক স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ নামত ONGCৰ পূজিৰে স্থাপন হ’বলগীয়া Multi Super Specialty Hospitalৰ বৃহস্পতিবাৰে শুভাৰম্ভ কৰে।
থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰৰ লগতে স্থানীয় কেইবাটাও দল-সংগঠনৰ বিষয়-ববীয়া উপস্থিত থাকি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে।শিৱসাগৰ জিলাত এইখনেই হ'ব অত্যাধুনিক বিভিন্ন সুবিধাযুক্ত চিকিৎসালয়।