পাঞ্জাবাৰীঃ ২০০৬ চনৰ পূৰ্বে অসম চৰকাৰৰ দ্বাৰা অষ্টম শ্ৰেণীলৈ স্বীকৃতি প্ৰাপ্ত আৰু ২০০৬ চনৰ পিছত ছেবাৰ দ্বাৰা দশম শ্ৰেণীলৈ স্বীকৃতি প্ৰাপ্ত হাইস্কুল আৰু হাইমাদ্ৰাছা সমুহ প্ৰাদেশীকৰণ সন্দৰ্ভত আজি সদৌ অসম ভেন্সাৰ হাইস্কুল শিক্ষক সন্থাই অসমৰ ৰাজ্যপাল গৰাকীৰ সৈতে ৰাজভৱনত আলোচনাত মিলিত হয়।

উক্ত আলোচনাত সন্থাৰ সভাপতি হেলাল উদ্দিন আৰু সাধাৰণ সম্পাদক কনক কলিতাৰ উপৰিও অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে। আলোচনা কালত ৰাজ্যপাল পুৰোহিতে বিষয়তো বিভাগীয় মন্ত্ৰী, বিষয়া আৰু মুখ্যমন্ত্ৰীক অবগত কৰাৰ লগতে যাবতীয় নীতি-নিৰ্দেশনা প্ৰদান কৰিব বুলি সন্থাক আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য যে আলোচনাৰ অন্তত সন্থাই চৰকাৰ আৰু ছেবাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হাইস্কুল আৰু হাইমাদ্ৰাছা সমুহ প্ৰাদেশীকৰণ কৰা, বিভাগীয় নীতি-নিৰ্দেশনাৰ ভিত্তিত শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ কৰা, জনজাতীয় অঞ্চলৰ ক্ষেত্ৰত বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা, বিদ্যালয় প্ৰাদেশীকৰণ নকৰা পৰ্য্যন্ত পূৰ্বৰে পৰা দি অহা বিত্তীয় সাহায্য বৰ্ধ্বিত হাৰত দিয়াৰ ব্যৱস্থা কৰা, বিদ্যালয় সমূহলৈ আন্তঃগাঁথনিৰ বাবে আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থা কৰা ইত্যাদি ৫ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ্যপালৰ হাতত প্ৰদান কৰা হয় বুলি এক প্ৰেছ বিবৃতি যোগে সন্থাৰ সাধাৰণ সম্পাদক কনক কলিতাই সাংবাদিকক জানিবলৈ দিয়ে।