27
Aug
2017

জাজৰিঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভূক্ত নগাঁও জিলা কবি সন্মিলনৰ গুৰুত্বপূৰ্ন কাৰ্যনিৰ্বাহক সভা নগাঁও চহৰৰ চানক্য জুনিয়ৰ কলেজ প্ৰাংগনত অনুষ্ঠিত হয়।
জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাত জিলা খনৰ নবীন প্ৰবীন কবি সকলক একত্রিত কৰি প্ৰতিভা বিকাশৰ এক বহল মঞ্চ সৃষ্টিৰ চিন্তাৰে সভাত উপস্থিত বিশিষ্ট কবি লক্ষেশ্বৰ শৰ্মা, মোলান লষ্কৰ, বিপুল কলিতা, শিৱ প্ৰসাদ বৰাই বক্তব্য আগবঢ়ায়।
সভাখন আঁত ধৰে সম্পাদক মদাৰজ্যোতিয়ে। সভাতেই পৰবৰ্তী কাব্যচৰ্চাৰ বৈঠক ১০ ছেপ্তেম্বৰত উক্ত স্থানতে অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰে সভা সামৰণি পৰে।