ফটো,উৎস ইন্টাৰনেট,
ফটো,উৎস ইন্টাৰনেট

খাৰুপেটীয়াঃ খাৰুপেটীয়া পৰিদৰ্শন বঙলাৰ প্ৰেক্ষাগৃহত প্ৰতিবন্ধী নিৱনুৱা যুৱ-সন্থাৰ দেওবাৰে এখন সভা অনুষ্ঠিত হয়৷ ৰাজ্যিক সভাপতি আব্দুল ওৱাহাবৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক উপদেষ্টা আবুল কাশেম আৰু নুৰুল ইছলাম আৰু সাধাৰণ সম্পাদক তৈবুৰ ৰহমান সমন্বিতে জিলা খনৰ প্ৰায় শতাধিক প্ৰতিবন্ধী নিৱনুৱা যুৱক-যুৱতী উপস্থিত থাকে।

ৰাজ্যিক উপ-সভাপতি সঞ্জীৱ দাসে সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ পিছত বিভিন্ন জনে প্ৰতিবন্ধী নিৱনুৱা যুৱক-যুৱতী সকলৰ বিভিন্ন সমস্যাৰ কথা আলোচনা কৰাৰ লগতে তেওঁলোকক চৰকাৰী চাকৰী নাইবা যিকোনো আঁচনিৰ অৰ্ন্তভূক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। সভাখনত আব্দুল আউৱালক সভাপতি, শ্বাহনাজ পাৰবিন আৰু জয়নাল আবেদিনক উপ-সভাপতি, ছানিদুল ইছলাম আৰু হনিফ আলীক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া সদস্যৰে দৰং জিলা সমিতি গঠন কৰা হয়।