
খেৰণিঃ সদ্যঘোষিত জিলা পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৯ নং আমৰেং সমষ্টিৰ অন্তৰ্গত জেৰিকিন্দেঙত আজি বৃহত্তৰ সমষ্টিটোত থকা মহিলা আত্ম-সহায়ক লৈ পশু পালনৰ সন্দৰ্ভত সজাগতা, প্ৰশিক্ষণ আৰু পশুধন বিতৰণীৰ এখন সভা অনুষ্ঠিত হৈ যায়৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা পশুপালন বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা আজিৰ এই সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সদস্যা তথা উক্ত সমষ্টিটোৰ জনপ্ৰতিনিধি ৰীণা টেৰাংপি উপস্থিত হোৱাৰ বিপৰীতে আমৰেং সমষ্টিৰ গাঁও উন্নয়ণ সমিটিৰ অধ্যক্ষ লোকাছ মিলিক, পশ্চিম কাৰ্বি আংলং জিলা মহিলা মৰ্চাৰ উপ-সভানেত্ৰী কীনা দাউলাগফুৰ লগতে পশুপালন বিভাগৰ বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে৷
আয়োজিত সজাগতা, প্ৰশিক্ষণ আৰু পশুধন বিতৰণী সভাত অংশ লোৱা সমষ্টিটোৰ মহিলা আত্ম-সহায়ক গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্যাক উদ্দেশ্যি পৰিষদৰ পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়ে ভাষণ প্ৰদান কৰে৷ তেওঁ কয় যে "পশুধন পালনৰ উপৰিও আদা-হালধী-ঝাড়ু উৎপাদনেৰেও অতি সহজে আৰু কম মুলধনেৰে পাহাৰীয়া জিলাখনৰ আত্ম-সহায়ক গোটে ধন উপাৰ্জন কৰিব পাৰে অথবা বৃহৎ পুঁজিৰ গৰাকী হ’ব পাৰে"৷ আৰু এই উপাৰ্জনেৰে একো একোটা আত্ম-সহায়ক গোটৰ পৰিয়ালে সুনিশ্চিতভাৱে নিজৰ আৰ্থিক অভাৱও দূৰ কৰিব পাৰে৷
সেয়ে আমৰেং সমষ্টিৰ প্ৰত্যেকটো পৰিয়ালে আচলতে পশুপালনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো অতিকৈ প্ৰয়োজন৷ আনকি বিভিন্ন সময়ত অসম চৰকাৰ অথবা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে পশুপালন বিভাগৰ জৰিয়তে বিভিন্ন অভিলাষী আচঁনিৰ জৰিয়তে পশু সামগ্ৰী, পশুধন, মুলধন আদিৰ যোগান ধৰি জিলাখনত থকা দৰিদ্ৰ পৰিয়ালৰ লগতে আত্ম-সহায়ক গোটক সহায় কৰি আহিছে৷ সেয়ে তেনেবোৰ সুবিধাৰ সুযোগ লৈ জিলাখনৰ প্ৰতিটো পৰিয়ালে উপাৰ্জনৰ আন এটা সহকাৰী উৎস হিচাপে পশুপালনৰ যোগেদি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিব লাগে৷
আনহাতে উপাৰ্জনৰ আন এক সহজ উপায় হিচাপে এই পন্থাক সাদৰেৰে আকোঁৱালী লবলৈ উপস্থিত থকা মহিলাসকলক পৰামৰ্শ দিয়ে টেৰাংপিয়ে৷ চৰকাৰী আঁচনিৰ জৰিয়তে মহিলা আত্ম-সহায়ক গোটক ৰেহাইভিত্তিক ঋণ প্ৰদান কৰিছে, উজ্জ্বালা আচঁনিৰ জৰিয়তে ৰন্ধন গেছ যোগান আদি বিভিন্ন প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰিছে আমাৰ চৰকাৰে৷ মুঠতে স্বাৱলম্বী, উপাৰ্জনমুখী হোৱাৰ উদ্দেশ্য লৈ আত্ম-সহায়ক গোটসমুহে বৃহৎ পুঁজিৰ গৰাকী হোৱাৰ চেষ্টা কৰিব লাগে৷
তেনে কাৰ্যৰ যোগেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি চৰকাৰৰ পৰা আৰু অধিক আৰ্থিক সাহাৰ্য, ঋণ, অন্যন্য সুবিধা আদি লাভ কৰাৰ চেষ্টা সদায় অটুত ৰাখিব লাগে বুলি কয় টেৰাংপিয়ে৷ আনকি আত্ম-সহায়ক গোটৰ বাবে কোনো জি এছ টি আদিৰো প্ৰয়োজন নাই, গতিকে পাৰিলে বৃহৎ বৃহৎ আচঁনি ৰূপায়ন আদিৰ কামো কৰি আত্ম-সহায়ক গোটৰ পুঁজি বা ধন বৃদ্ধিৰ বাবে আপ্ৰাণ চেষ্টা কৰিবলৈও পৰামৰ্শ দিয়ে মহিলা আত্ম-সহায়ক গোটসমুহক টেৰাংপিয়ে৷
উল্লেখযোগ্য যে আজি অনুষ্ঠিত অনুষ্ঠানৰ যোগেদি আত্ম সহায়ক গোটৰ মহিলাসকলক উক্ত বিভাগটোয়ে পশুপালনভিত্তিক প্ৰশিক্ষণ প্ৰদানৰ পাছেতেই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনৰ পশুপালন বিভাগে অনুষ্ঠানত উপস্থিত থকা প্ৰতিটো মহিলা আত্ম-সহায়ক গোটৰ মাজত গাহৰি পোৱালী আৰু কুকুৰা বিনামুলীয়াকৈ বিতৰণ কৰি উপাৰ্জনমুখী হোৱাৰ বাট দেখুৱাই দিয়ে আৰু ইয়াৰ প্ৰতি আগ্ৰহী হোৱাৰ আশা প্ৰকাশ কৰে বিভাগটোয়ে৷