
ডিব্ৰুগড়ঃ দেওবাৰে মাজুলী জিলাৰ চামগুৰিত অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ এখন সভা অনুষ্ঠিত হয়৷ স্থানীয় বহু যুৱকৰ উপস্থিতিত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সমিতিৰ লগতে মাজুলী জিলা সমিতিৰ বিষয়-ববীয়াৰ উপস্থিতিত শিক্ষাবিদ তৰুণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়৷
সভাৰ আৰম্ভণিতে অসম আন্দোলনৰ শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে৷ তাৰ পিছতে সভা অনুষ্ঠিত হয়৷ সভাত ভাষণ প্ৰদান কৰি সংগঠনটোৰ সভাপতু মনোজ গগৈয়ে ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ আন্দোলন কৰি শ্বহীদ হোৱা লোকসকলক প্ৰকৃতাৰ্থত সন্মান জনোৱা হৈছেনে বুলি প্ৰশ্ন উত্থাপন কৰে৷
একাংশ তথাকথিত সংগঠনে অমৰ মৃতকক ব্যৱহাৰ কৰি ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ পূৱ পাকিস্তান আৰু নেপালৰ পৰা অহা ৭০ লাখ বিদেশীক সামৰি ১৯৭১ চনক বিদেশী বহিস্কাৰৰ ভিত্তি বৰ্ষ হিচাপে লব লাগে বুলি কৈ শ্বহীদ সকলক বাৰে বাৰে অপমান কৰি আহিছে বুলি কয়৷ জাতীয় শ্বহীদৰ ত্যাগৰ প্ৰতি সন্মান জনাই দাবী কৰি ভাৰতৰ সংবিধান প্ৰদত্ত ১৯৫১ চনেই হ’ব লাগিব বুলি কয়৷
সভাৰ উদ্দেশ্য ব্যাখা কৰে মাজুলী জিলাৰ সম্পাদক উৎপল শইকীয়াই৷ সংগঠনটোৰ মুখ্য প্ৰচাৰ সম্পাদক প্ৰদ্যুৎ শইকীয়াই মাজুলীৰ বিভিন্ন সমস্যা সন্দৰ্ভত ব্ক্তব্য আগবঢ়ায়৷ মাজুলীৰ আবেগ জড়িত নিমাতী-মাজুলী সংলগ্ন দলঙৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাবী জনায়৷