
নলবাৰীঃ নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা খনৰ এখন বিশেষ (Disha Meeting) সভা অনুষ্ঠিত হয়। নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী উন্নয়ন আয়ুক্ত নাদিৰা জেছমিন সহ জিলাখনৰ অতিৰিক্ত উপায়ুক্ত আৰু সকলো বিভাগৰ বিষয়া, বিজেপি নেতা বানেশ্বৰ দাস, জয়ৰাম বৰ্মন, নন্দলাল সৰকাৰ, উপস্থিত থাকে।
সভাত সাংসদ ৰমেন ডেকা আৰু বিধায়ক অশোক কুমাৰ শৰ্মাই সকলো বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে স্বচ্ছতাৰে কাম কাজ কৰি জিলাখনত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ প্ৰতি খন আঁচনি ৰূপায়নত সহযোগ কৰিবলৈ আহ্বান জনায়। নলবাৰী জিলা খনৰ উন্নয়ন-বিকাশে আমি বিছাৰিছো। গতিকে দুৰ্নীতি-অনিয়মৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ’ব বুলি বিষয়া সকলক সকিয়াই দিয়ে। কিয়নো বিগত দিনত উন্নয়নৰ নামত ভুৱাবাজি বহুত হল। এইবেলি তেনে কাম হব নোৱাৰে বুলিও দোহাৰে সাংসদ আৰু বিধায়কগৰাকীয়ে ।