Kinetic
Kinetic

ৰঙিয়াঃ শনিবাৰে ৰঙিয়া প্ৰেছ ক্লাবৰ উদ্যোগত মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিভিন্ন দল-সংগঠনৰ নেতাৰে সাংবাদিক ৰঙিয়াৰ সাংবাদিকসকলে মত-বিনিময় কৰে। ৰঙিয়া প্ৰেছ ক্লাবৰ সভাপতি অঞ্জন জ্যোতি পাটোৱাৰীয়ে সভাপতিত্ব অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত ক্লাবৰ সম্পাদক ফাৰুক হুছেইনে উদ্দেশ্য বাখ্যা কৰে।

ৰঙিয়াৰ জ্যেষ্ঠ সাংবাদিক মুস্তাফা কামাল আহমেদৰ পৰিচালনাত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, এবছু, ছাত্ৰ মুক্তি, সামাজিক সংগঠন প্ৰভাতি কিৰণ, স্পেছ, সাৰথি, ব্যৱসায়ী সন্থা, আদিৰ বিষয় ববীয়া সকল উপস্থিত থকাৰ উপৰিও ৰঙিয়াৰ বিশিষ্ট নাগৰিক সকল উপস্থিত থাকি ৰঙিয়াৰ উন্নয়ন সম্পৰ্কত বক্তব্য আগবঢ়ায়।