
ডিফুঃ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি শৈক্ষিক সভা তথা আদৰণি সভা অনুষ্ঠিত হয়৷ বিদ্যালয়খনৰ অধ্যক্ষ বেঞ্জামিন তেৰাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি স্বায়ত্ত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী জগত চিং ইংতি, প্ৰাক্তন অধ্যক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী ৰেবিকা চিংনাৰপী লগতে বিদ্যালয় খনৰ প্ৰায়বোৰ শিক্ষক শিক্ষয়িত্ৰী৷ এটি গীতেৰে আৰম্ভ কৰা সভাখনত ষষ্ঠ আৰু একাদশ শ্ৰেণীৰ নৱাগত প্ৰায় ২ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে৷
সভাখনত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে বাৰে ৰহণীয়া সাংস্কৃতিক নৃত্য পৰিবেশন কৰি উপস্থিত সকলক আপ্লুত কৰে৷ আনহাতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও নৱাগত ছাত্ৰ-ছাত্ৰীক ফুলদস্তাৰে আদৰণি জনায়৷ মুখ্য অতিথিৰ ভাষণত কাৰ্বি পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত চিং ইংতিয়ে শিক্ষা জাতিৰ মেৰুদণ্ড বুলি কোৱাৰ লগতে শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিবলৈ চৌপাশ পৰিস্কাৰ-পৰিচ্ছন্নকৈ ৰাখিবলৈ ছাত্ৰ-ছাত্ৰী সকলৰ বহু দায়িত্ব আছে বুলি কয়৷
বিদ্যালয়খনৰ এসময়ত সুনাম থকা বুলি উল্লেখ কৰাৰ লগতে বৰ্তমান সময়ৰ শৈক্ষিক অগ্ৰগতি কিছু উদ্বিগ্ন হয়৷ আনহাতে বিদ্যালয়ৰ প্ৰধান শিক্ষক বেঞ্জামিন তেৰাঙে বিদ্যালয় শৈক্ষিক মানদণ্ডৰ উন্নতি সাধন কৰিবলৈ হলে ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীৰ ঐক্যবদ্ধ প্ৰচেষ্টা কৰিব লাগিব বুলি কোৱাৰ লগতে ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক - শিক্ষয়িত্ৰীৰ পূৰ্ণ সহযোগিতা কামনা কৰে ৷ইয়াৰোপৰি বিদ্যালয়ৰ আন শিক্ষক- শিক্ষয়িত্ৰী সকলেও শৈক্ষিক দিশ সমূহৰ ওপৰত বহুমূলীয়া বক্তব্য ৰাখে৷ আনহাতে বিদ্যালয় কৰ্তৃপক্ষই মুখ্য অতিথি হিচাপে থকা পৰিষদৰ শিক্ষাবিভাগৰ কাৰ্যবাহী সদস্য জগত চিং ইংতিৰ ওচৰত বিদ্যালয় খনৰ বিভিন্ন অভাব-অভিযোগ সামৰি এখন স্মাৰক পত্ৰ অৰ্পণ কৰে৷