গোৰেশ্বৰঃ ৰাজ্যৰ এখন ব্যতিক্ৰম জনজাতিয় বিদ্যালয়৷ জনজাতিয় বিদ্যালয় খনত প্ৰায় সংখ্যাক ছাত্ৰ-ছাত্ৰী জানজাতিয় লোকৰ৷ ছাত্ৰ-ছাত্ৰী শিক্ষকসকলে বিদ্যালয় খন চাফ-চিকুণকৈ ৰখাৰ নিয়মানুৱৰ্তিতা মানি চলে৷ শিক্ষক কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যলয় খনক আদৰ্শ বিদ্যালয় ৰূপে গঢ় দিছে৷ ৰাজ্য খনৰ এখন ব্যতিক্ৰম জনজাতিয় বিদ্যালয় হিচাপে বিদ্যালয় খনে খ্যাতি অৰ্জন কৰিছে৷

বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত শিমিলিবাৰী ধুণাৰতল জনজাতিয় প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে এখন বিশেষ শৈক্ষিক সভা অনুষ্ঠিত হয়৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ উপস্থিতিত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা সমাজকৰ্মী অৰবিন্দ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাচীৰ পত্ৰিকা "প্ৰতিফলন" উন্মোচন কৰা হয়।

প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে গোৰেশ্বৰ অঞ্চলৰ বিশিষ্ট সাংবাদিক-সমাজকৰ্মী আব্দুল লতিফ চৌধুৰীয়ে। । প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি সাংবাদিক চৌধুৰীয়ে মাতৃয়ে ছাত্ৰ-ছাত্ৰীক অধিক গুৰুত্ব দিব লাগে বুলি কয়৷ অভিভাৱকে ছাত্ৰ-ছাত্ৰী সন্মুখতে কথা কওতে চিন্তা কৰিব লাগে৷

কিয়নো পিতৃ-মাতৃয়ে যি ধৰণে আচৰণ কৰে সন্তানেও সেই আচৰণ অনুসৰণ কৰিব বুলি কয়৷ সাংবাদিক চৌধুৰীয়ে বিদ্যালয় খনৰ প্ৰধান শিক্ষক তথা চিত্ৰশিল্পী দুৰ্গেশ্বৰ দাসে অৰ্থনৈতিক ভাৱে পিছপৰা অঞ্চলটোত ছাত্ৰ-ছাত্ৰীৰ মনৰ অনুভৱ ব্যক্ত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক শলাগ লয়। লগতে তেওঁ ছাত্ৰ ছাত্ৰীৰ শিক্ষাগ্রহণৰ ক্ষেত্ৰত অভিভাৱক - অভিভাৱিকাৰ ভূমিকা সম্পৰ্কতো আলোচনা আগবঢ়াই। সভাত শিক্ষক অনিল কাকতি, কবিন বড়ো, সমাজকৰ্মী বনমালী কাকতি, আশাকৰ্মী ফুলেশ্বৰী বসুমতাৰীয়ে শিশু ছাত্ৰ- ছাত্ৰীৰ উদ্দেশ্যে বিভিন্ন পৰামৰ্শমূলক বক্তব্য আগবঢ়াই।