
শিৱসাগৰঃ শিৱসাগৰৰ যুৱদলত আজি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান শিৱসাগৰৰ উদ্যোগত দীনদয়াল অন্ত্যোৰ্দয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অংশীদাৰ সকলৰ এখন সভা অনুস্থিত হৈ যায়।
সভাত শিৱসাগৰ পৌৰ এলেকাৰ মহিলা আত্মসহায়ক গোট আৰু মহিলা আত্মসহায়ক গোটৰ আঞ্চলিক পৰ্য্যায়ৰ সংগঠনলৈ ঘূৰ্ণীয়মান পুঁজি (Revolving Fund) বিতৰণ কৰা হয়৷
আজিৰ এই সভাত অসম চৰকাৰৰ কৃষি, পশুপালন আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা মূখ্য অতিথি হিচাপে উপস্থিত হৈ গোটসমূহৰ সলাগ লয়।
সভাত উপস্থিত থাকে শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত অশ্বিনি কুমাৰ দলে, তথ্য নগৰ প্ৰকল্প বিষয়া, পৌৰসভাৰ সভানেত্রী মৃদুস্মিতা সিংহ, সুৰভী ৰাজকুঁৱৰী, সৌৰভ চলিহা আদি বিশিষ্ট ব্যক্তিসকল৷
যুৱদলত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী বৰাই শিৱসাগৰৰ অৰ্ধ শতাধিক আত্মসহায়ক গোটক চেক যোগে আৰ্থিক সাহায্য বিতৰণ কৰে৷