শিৱসাগৰঃ বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতি সাংগঠনিক,সাংস্কৃতিক অাৰু উৎপাদনীয় দিশত এখন বিশেষ সভা শিৱসাগৰ প্ৰেছ ক্লাৱত সম্পন্ন হৈ যায়। বিহু সুৰক্ষা সমিতি অসমৰ কাৰ্যকৰী সভাপতি হেম গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বহুকেইটা সিদ্ধান্ত লগতে অাগন্তক দিনত প্ৰতিখন জিলা সমিতিয়ে নিজ নিজ জিলাত হুঁচৰি প্ৰদৰ্শন কৰাৰ, অসমৰ লোকসংস্কৃতিৰ থলুৱা লোকবাদ্য অাৰু গামোচা প্ৰস্ততৰ ব্যৱস্থা গ্ৰহণ কৰা, প্ৰতিখন জিলাই নিজ নিজ এলেকাৰ গাঁও সমুহত লোকসংস্কৃতি প্ৰদৰ্শন কৰোৱা, কৃষক অধিকাৰ সুৰক্ষা সমিতি অসমৰ উৎপাদনীয় কাৰ্যত প্ৰত্যক্ষভাৱে জড়িত হৈ কৃষি কৰ্মৰ লগতে অসমৰ গামোচা বজাৰত কম মূল্যত উপলদ্ধ হ’ব পৰাকৈ গামোচা প্ৰস্তত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিহু সুৰক্ষা সমিতি অসমৰ শিৱসাগৰ জিলাৰ সম্পাদক ব্ৰজেন দাসে অাঁত ধৰা সভাখনত বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি হেম গগৈ, সম্পাদক প্ৰধান পৱিত্ৰ মহন ফুকন, গ্ৰাম্যসাংবাদিকতা বঁটাপ্ৰাপ্তক সাংবাদিক মনোজ কুমাৰ গগৈ, শিৱসাগৰ জেষ্ঠ সাংবাদিক ৰাতু কুমাৰ দাস,যুৱনাট্যশিল্পী তথা সাংবাদিক প্ৰান্তিক শৰ্মা,বিশিষ্ট সৰ্মাজকৰ্মী অতুল দত্ত লগতে প্ৰায় কুৰিজন বিশিষ্ট ব্যক্তিক উক্ত সভাত বিশেষ সম্বৰ্ধনা জনোৱা হয়।

কৃষক অধিকাৰ সুৰক্ষা সমিতি মুখ্য উপদেষ্টা লোহিত গগৈয়ে ভাষণ প্ৰসংগত বৰ্তমান সময়ত কৰ্পৰেট গোষ্ঠীয়ে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ লগতে কৃষকক ভাতে মৰাৰ যিদৰে পোষকতা অাগবঢ়াইছে তাক প্ৰতিৰোধ কৰিবলৈ অসমীয়া ৰাইজ দলবদ্ধ হবলৈ অাহ্বান জনায়।

বিহু সুৰক্ষা সমিতি শিৱসাগৰ জিলাৰ সভাপতি লাচিত ফুকনে শলাগৰ শৰাই অাগবঢ়োৱা এই সভাখনত বিহু সুৰক্ষা সমিতি অসমৰ অন্তগত ২০খন জিলাৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে শিৱসাগৰ জিলা সমিতি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।