
নলবাৰীঃ শিলচৰৰ সাংসদ সুষ্মিতা দেবে ‘টেক্স ফ্ৰী উইংগছ’ নামৰ এক বিশেষ সজাগতা অভিযান আৰম্ভ কৰাৰ পাছতে শ শ মহিলাই এই অভিযানত সমৰ্থন আগবঢ়াইছিল৷
ইমানে নহয় সাংসদগৰাকীয়ে চেনিটেৰী নেপকিনৰ ওপৰত চৰকাৰো লগোৱা কৰ আঁতৰোৱাৰ বাবে চেঞ্জ ডট অৰ্গযোগে প্ৰচাৰ আৰম্ভ কৰিছিল৷ ২০১১ চনৰ এক চৰকাৰী সমীক্ষা মতে ১১ শতাংশ মহিলাইহে চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে।
বহুতে আকৌ ইয়াক বিলাসিতা বুলিও গণ্য কৰে।অসমত মাহেকীয়া সংক্ৰান্ত সজাগতা আৰু জ্ঞান বহু মহিলাৰ বহু কম৷ চেনিটেৰি নেপকিন দুৰৰ কথা একেখন টুকুৰা কাপোৰকে বাৰম্বাৰ ব্যৱহাৰ কৰে কিছু মহিলাই। চেনিটেৰী নেপকিন কেনেকৈ ব্যৱহাৰ কৰিব মহিলা সকলে৷
অস্বাস্থ্যকৰ নেপকিনৰ মাধ্যমেদি মেগটছ, মায়'ছিছ জাতীয় বিজানু সংক্ৰমণ হ’ব পাৰে৷ এনেবোৰ কথাই গ্ৰাম্য অঞ্চলৰ মহিলাক বুজাবলৈ আৰম্ভ হৈছে Hygine For Woman Campaign-2017ৰ৷ স্বেচ্ছাসেৱী অনুষ্ঠান এবিচিডি আৰু ইনাৰ হুৱেল ক্লাৱ অৱ নলবাৰীয়ে আৰাম্ভ কৰে এই অভিযান৷ আজি স্বেচ্ছাসেৱী অনুষ্ঠান দুটাই দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰাংগনত প্ৰায় ৫ শতাধিক ছাত্ৰীৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে৷
স্থানীয় মহিলা তথা ছাত্ৰীৰ মাজত চেনিটেৰী নেপকিন ব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা সভাত ড০ বন্দনা ডেকা আৰু মল্লিকা দেৱীয়ে চেনিটেৰী নেপকিন ব্যৱহাৰ সন্দৰ্ভত ভাষম আগবঢ়ায়। Hygiene For Women Campaign-2017ৰ মুখ্য সমন্বয়ক চানি বৰ্মনে আঁতধৰা সভাখন মুকলি কৰে দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাধা নাথ কলিতাই। এবিচিডিৰ সভাপতি দিগন্ত মিশ্ৰই Hygiene For Women Campaign-2017 উদ্দেশ্য বাখ্যা কৰে৷