নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াত শুক্ৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ খাগৰিজান মণ্ডল আৰু বেবেজীয়া-ডিমৌ-বাংথাই পঞ্চায়তৰ ব’ঠ সমিতিৰ যুটীয়া উদ্যোগত এখনি সজাগতা আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় ৷

বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত বিজেপিৰ খাগৰিজান মণ্ডল সমিতিৰ সভাপতি বকুল চন্দ্ৰ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনিত মুখ্য অতিথি হিচাপে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থকাৰ বিপৰীতে আমন্ত্ৰিত অতিথি ৰূপে বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি বাবুল বৰা,সম্পাদক দিগন্ত কুমাৰ ডেকা,তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য বিদ্যুৎ বৰদলৈ,বিজেপিৰ নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি প্ৰণৱ বৰাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে ৷

প্ৰদুন্ম গোস্বামীয়ে আঁত ধৰা সভাখনিত উজ্বলা আঁচনিৰ অধীনত মুঠ ২০ গৰাকী হিতাধিকাৰীক ৰন্ধন গেছ আৰু সুহৃদয় আঁচনিৰ মুঠ ২৫ গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰা হয় ৷তদুপৰি উক্ত সভাতে বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ৬৫ গৰাকী কৃৰ্তী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে অভিনন্দন জনোৱা হয় ৷