নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বৃহত্তৰ আলোপতি-মাজৰচৰ বজাৰ কাৰ্যালয় গৃহত আজি আবেলি ৩ বজাত আদম আলীৰ সভাপতিত্বত সদৌ অসম সংখ্যালঘুৰ সংগ্ৰাম পৰিষদৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ নতুন কাৰ্য্যকৰী কমিটিৰ শপত অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত নৱ নিৰ্বাচিত সভাপতি আজাহাৰ আলী আহমেদ, সাধাৰণ সম্পাদক বাদশ্বাহ মিঞা প্ৰমূখ্যে কেইবাগৰাকী বিষয়ববীয়া আৰু সদস্যক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় 'আমছু’ৰ প্ৰাক্তন সম্পাদক ৰাশিদুল ইছলামে।

অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি আব্দুৰ ৰহমান, 'আপকু'ৰ কামৰূপ জিলা সমিতিৰ সভাপতি আবুল কালাম আজাদ, লুইতপৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ জছিম উদ্দিন আহমেদৰ উপৰিও ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷