দলংঘাটঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক উৎসাহিত কৰাৰ লক্ষ্যৰে বিজেপিয়ে শনিবাৰে মঙলদৈৰ দীঘিৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এখন বিশেষ সভা অনুষ্ঠিত কৰে৷

বিজেপিৰ পশ্চিম মঙলদৈ যুৱ মৰ্চাৰ উদ্যোগত আৰু মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ সহযোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব লগা ছাত্ৰ-ছাত্ৰীকসকলক সভাত কলমেৰে শুভেচ্ছা যাচে৷

বিজেপিৰ পশ্চিম মঙলদৈ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিতোপন ডেকাই আঁতধৰা সভাত পংকজ শইকীয়া, আনন্দ হাজৰিকা, ধনেশ্বৰ ডেকা উপস্থিত থাকে৷

যুৱ মৰ্চাই পশ্চিম মঙলদৈৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বহিব লগা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা যাচি উৎসাহিত কৰিব বুলি জানিবলৈ দিয়ে৷