
মোৰাঝাৰঃ নবী চৰিত শব্দৰ অৰ্থ হল পয়গম্বৰৰ গুণাৱলী৷ পয়গম্বৰ হজৰত মহম্মদে মিঠাই খোৱাৰ অভ্যাস ত্যাগ কৰাৰ কাহিনী সকলোৱে জানে৷ এইজনা মহাপুৰুষৰ গুণাৱলী সম্পৰ্কে আজিৰ যুৱ প্ৰজন্মই যাতে জ্ঞান লাভ কৰে তাৰ বাবে প্ৰতিবছৰ হোজাইত নবী চৰিত নামেৰে এক ব্যাপক অনুষ্ঠান আয়োজিত হৈ আহিছে৷
এইবেলিও নবী চৰিতৰ কেন্দ্ৰীয় অনুষ্ঠান দুদিনীয়াকৈ হোজাই চহৰৰ দুৱাৰমুখত স্থিত মৰ্কজ একাডেমী স্কুলত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই উপলক্ষে বুধবাৰে স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা'আৰিফৰ মুখ্য কাৰ্যালয়ত এক সভা আয়োজিত হয়৷ সংস্থাটোৰ সভাপতি শ্বামছুল হক চৌধুৰীৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমানৰ উপস্থিতিত আয়োজিত উক্ত সভাত নবী চৰিত কাৰ্যসূচী আগন্তুক ২৮ আৰু ২৯ নৱেম্বৰত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়৷
এই আয়োজনৰ বাবে ১৩ জনীয়া এখন কমিটি গঠন কৰা হয়৷ মৰ্কজ বৰ্ড অৱ স্কুলৰ অধীনস্থ ৩৪ খন স্কুলে নিজাববীয়াকৈ নবী চৰিতৰ আয়োজন কৰিব আৰু বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলে কেন্দ্ৰীয় কাৰ্যসুচীত প্ৰতিনিধিত্ব কৰিব৷
জানিব পৰা মতে, নবী চৰিত উপলক্ষে পয়গম্বৰজনাৰ জীৱন আধাৰিত বিভিন্ন বিষয়ৰ ওপৰত ৰচনা প্ৰতিযোগিতা, বক্তৃতা, কুইজ আদি নানা কাৰ্যসুচী অনুষ্ঠিত হ’ব৷