
কোকৰাঝাৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰনৰ খচৰা প্ৰকাশৰ আগমুহুৰ্তত ৰাজ্যজুৰি এক বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টিৰ হোৱাৰ সময়তে মঙলবাৰে কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত এক সজাগতামুলক সভা অনুষ্ঠিত হয়।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণক লৈ ৰাজ্যত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে সকলো দল-সংগঠন আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষৰে কোকৰাঝাৰ সদৰ থানাই এক সজাগতামূলক সভা অনুষ্ঠিত কৰে৷
সদৰ থানা চৌহদত থকা কোকৰাঝাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সজাগতামূলক সভাত কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনীৰ সম্পাদক সকল, নাগৰিক সমাজ আৰু কোকৰাঝাৰ চক্ৰ বিষয়া দ্বীপন বৰ্মন আৰু কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন চৌধুৰীয়ে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ৰাইজৰ মাজত যাতে বিভ্ৰান্তিমূলক পৰিৱেশ তথা অস্থিৰ বাতাবৰণ সৃষ্টি নহয় তাৰ প্ৰতি সকলোকে সজাগ হবলৈ আহ্বান জনায়।
চক্ৰ বিষয়া দ্বীপন বৰ্মনে এনআৰচি সম্পৰ্কত ৰাইজক বিতংকৈ বুজাই দিয়ে আৰু সকলো ধৰণৰ ভুল ধাৰণা পৰিহাৰ কৰিবলৈ আহ্বান জনায়।